ETV Bharat / state

আশাৰ প্ৰদীপ হৈ উজলিছে মাজুলীৰ দীপিকা - Majuli's Deepika saikia is shining for her hslc result

দৰিদ্ৰৰ প্ৰজাত আশাৰ প্ৰদীপ হৈ উজলিছে মাজুলীৰ দীপিকা । মাজুলী মেৰাগড় নাৰায়ণ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী দীপিকা শইকীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ত 98.5 নম্বৰ লাভ কৰি অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বন্যা ৷

Deepika saikia is shining for her hslc result
আশাৰ প্ৰদীপ হৈ উজ্জলিছে মাজুলীৰ দীপিকা
author img

By

Published : Jul 31, 2021, 1:46 PM IST

মাজুলী, 31 জুলাই: বহু অপেক্ষাৰ অন্তত 30 জুলাই অৰ্থাৎ শুকুৰবাৰে ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ ফলাফল ৷ পৰীক্ষাৰ ফলাফলত এইবাৰ কোনোধৰণৰ স্থান প্ৰাপকৰ ব্যৱস্থা কৰা নাই ছেবাই (SEBA) ৷ ইয়াৰ বিপৰীতে কৰা হৈছে কেৱল ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংছনৰ ব্যৱস্থা ।

ইয়াৰ মাজতে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ ফলাফলক লৈ মাজুলীত এতিয়া আনন্দৰ বন্যা ৷ দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে ৷ এই কথা প্ৰমাণ কৰি দিলে মাজুলীৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ জীয়ৰীয়ে ৷

আশাৰ প্ৰদীপ হৈ উজ্জলিছে মাজুলীৰ দীপিকা

দৰিদ্ৰৰ প্ৰজাত আশাৰ প্ৰদীপ হৈ উজ্জলিছে মাজুলীৰ দীপিকা । শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 98.5 নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে দীপিকা ৷ দীপিকাক লৈ পৰিয়ালবৰ্গৰ লগে গৰ্বিত অঞ্চলবাসীও ৷

মাজুলী মেৰাগড় নাৰায়ণ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেধাবী ছাত্ৰী দীপিকা শইকীয়া ৷ আশাপ্ৰদ ফলাফলে বিদ্যালয়তো তুলিছে আনন্দৰ লহৰ ৷ মাজুলী মেখেলি গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ দীপক শইকীয়া আৰু পূৰ্ণিমা শইকীয়াৰ জীয়ৰী দীপিকা শইকীয়াৰ সফলতাই পৰিয়ালটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বতৰা । ইফালে দীপিকাৰ উন্নত শিক্ষাক লৈ চিন্তিত হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটো ।

লগতে পঢ়ক: বিগত 31 বছৰৰ অভিলেখ ভংগ কৰিলে ছেবাই

আনহাতে, শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ ফলাফলত সৰ্বমুঠ ৫১০ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থী সকলক ডিষ্টিংছন আৰু ৪৫০ বা ততোধিক নম্বৰ লাভ কৰাসকলক ষ্টাৰ মাৰ্কৰ অন্তৰ্ভুক্ত কৰা হৈছে । এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংছন লাভ কৰিছে মুঠ ১০,৩৪৮ গৰাকী শিক্ষাৰ্থীয়ে আৰু ষ্টাৰ মাৰ্ক লাভ কৰিছে মুঠ ২০,০৯২ গৰাকী শিক্ষাৰ্থীয়ে ৷

ডিষ্টিংছন লাভ কৰা ছাত্ৰৰ সংখ্যা ৪,৭৯৭ গৰাকী ইয়াৰ বিপৰীতে ছাত্ৰীৰ সংখ্যা হৈছে ৫,৫৫১ গৰাকী । একেদৰে ষ্টাৰ মাৰ্ক লাভ কৰা ছাত্ৰৰ সংখ্যা হৈছে ৯,৩৩৪ গৰাকী আৰু ছাত্ৰীৰ সংখ্যা হৈছে ১০, ৭৫৮ গৰাকী । 88,521 গৰাকী ছাত্ৰ-ছাত্ৰী এইবেলি প্ৰথম বিভাগ(first division)ত উত্তীৰ্ণ হৈছে ৷ দ্বিতীয় বিভাগ(second division)ত উত্তীৰ্ণ হৈছে 1,60,298 গৰাকী পৰীক্ষাৰ্থী ৷ আনহাতে, তৃতীয় বিভাগ(third division)ত উত্তীৰ্ণ হৈছে মুঠ 148313 গৰাকী ছাত্ৰ-ছাত্ৰী ৷

লগতে পঢ়ক: মেট্ৰিকৰ ফলাফল : স্থান প্ৰাপক নোহোৱাকৈ ত্ৰিশ সহস্ৰাধিকে পালে ষ্টাৰ-ডিষ্টিংছন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.