ETV Bharat / state

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজলিল মাজুলীৰ গৌৰৱ

author img

By

Published : Nov 8, 2021, 12:18 PM IST

মাজুলীৰ ম'হকিনা গাঁৱৰ গৌৰৱ গায়নে গোৱাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৱম সংখ্যক পৰম্পৰাগত মল্ল যুজৰ Mas-wrestling প্ৰতিযোগিতাত অৰ্জন কৰে সোণৰ পদক ৷

gold-wins-in-national-competition
ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজলিল মাজুলীৰ গৌৰৱ

মাজুলী , 8 নৱেম্বৰ : ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত এইবাৰ উজলিল মাজুলী ৷ 'সত্ৰ নগৰী' মাজুলী সত্ৰীয়া সংস্কৃতিত যিদৰে চহকী তেনেদৰে খেলৰ ক্ষেত্ৰখনতো চহকী তাৰেই প্ৰমাণ দাঙি ধৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ত ৷

মাজুলীৰ ম'হকিনা গাঁৱৰ খেলুৱৈ গৌৰৱ গায়নে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৱম সংখ্যক পৰম্পৰাগত মল্ল যুঁজৰ (Traditional wrestling) Mas-wrestling প্ৰতিযোগিতাত অৰ্জন কৰে সোণৰ পদক ৷ গোৱাত অনুস্থিত এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন স্থানৰ বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ৷

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাখনত 21 বছৰীয়া গৌৰৱ গায়নে সকলো বাধা নেওচি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ পদক অৰ্জন কৰি মাজুলীৰ লগতে অসমলৈ কঢ়িয়াই আনিলে এক আনন্দৰ বতৰা ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত পদক অৰ্জন কৰি মাজুলীত উপস্থিত হোৱা গৌৰৱক খোল, তাল, নাম গাই শোভাযাত্ৰা কৰি উষ্ম আদৰণি জনোৱা হয় ৷

বৰ্তমান ইউৰোপত অনুস্থিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সাজু হৈছে গৌৰৱে ৷ কিন্তু আৰ্থিক দিশত দুৰ্বল হোৱাৰ বাবে অলপ সমস্যাত পৰিছে খেলুৱৈ গৌৰৱ গায়নে । ফলত ইউৰোপত অনুস্থিত হ'বলগীয়া আগন্তুক প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ পিতৃ-মাতৃৰ লগতে গৌৰৱে অসম চৰকাৰ আৰু বিভিন্ন দল সংগঠনৰ পৰা সহায় বিচাৰিছে বুলি জনিব পৰা গৈছে ৷

লগতে পঢ়ক : লাভলীনাৰ খেলৰত্ন বঁটা লাভ; সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিলে মনৰ ভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.