ETV Bharat / state

কি হ’ব আমাৰ ভৱিষ্যত ! এখন বিদ্যালয়ৰ দুৰাৱস্থা - poor condition of school in Majuli

মাজুলীৰ এখন বিদ্যালয়ৰ দুৰৱস্থা (poor condition of school in Majuli) ৷ বিগত বিশ বছৰে শিক্ষক সকলে ছাত্ৰ-ছাত্ৰী সকলৰ স্বাৰ্থত তেওঁলোকৰ মূল্যবান সময় অতিবাহিত কৰিছে । তথাপিও আজি পৰ্যন্ত বিদ্যালয়খন প্ৰাদেশীকিকৰণ নোহোৱাত মানসিকভাবে ভাগি পৰিছে শিক্ষকসকল ৷

majuli school provincialization
কি হ’ব আমাৰ ভৱিষ্যত! এখন বিদ্যালয়ৰ দুৰৱস্থা
author img

By

Published : Sep 2, 2022, 10:30 PM IST

মাজুলী, 2 ছেপ্টেম্বৰ: ছাত্ৰ-ছাত্ৰীসকলক দেশৰ ভৱিষ্যত বুলি গণ্য কৰা হয় ৷ বৰ্তমানৰ যুৱ প্ৰজন্মই আগন্তুক দিনৰ দেশ ৰক্ষক ৷ কিন্তু জীৱনৰ আদি পাঠতেই যদি কেনা লাগে তেনেহ’লে কেনেদৰে সুৰক্ষিত হ’ব আমাৰ ভৱিষ্যত ৷ মাজুলীৰ এখন বিদ্যালয়ৰ দুৰাৱস্থা ৷

কি হ’ব আমাৰ ভৱিষ্যত! এখন বিদ্যালয়ৰ দুৰৱস্থা

২০০১ চনতে মাজুলী-লক্ষীমপূৰৰ সীমামুৰীয়ায়া যমূদচুকত গঢ় লৈ উঠা মাজুলী জনজাতি ছেকেণ্ডেৰি নামৰ স্কুলখনত কাষৰীয়া প্ৰায় ১৫ খন গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আহিছে । আজি বিশ বছৰে শিক্ষক সকলে ছাত্ৰ-ছাত্ৰী সকলৰ স্বাৰ্থত তেওঁলোকৰ মূল্যবান সময় অতিবাহিত কৰিছে । তথাপিও আজি পৰ্যন্ত বিদ্যালয়খন প্ৰাদেশীকৃত নোহোৱাত মানসিক ভাৱে ভাগি পৰিছে শিক্ষকসকল (poor condition of school in Majuli)৷

৪২০ গৰাকী ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি থকা বিদ্যালয়খন প্ৰদেশীকিকৰণ কৰি শিক্ষক সকলৰ জীৱন-জীৱিকা সুৰক্ষিত কৰিবলৈ শিক্ষক সকলৰ লগতে ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলেও আহ্বান জনাইছে ৷ কিন্তু আজি পৰ্যন্ত গা লৰা নাই চৰকাৰৰ ৷ শেহতীয়াকৈ বিদ্যালয়খনৰ সকলো দিশ চালি জাৰি চাই বিদ্যালয়খন প্ৰাদেশীকৃত কৰিবলৈ বিদ্যালয়খনৰ শিক্ষকসকলে চৰকাৰলৈ আহবান জনাইছে ৷

লগতে পঢ়ক: ২৫ জিলাৰ ১৯০৩ কেন্দ্ৰত নিযুক্তি পৰীক্ষা সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.