ETV Bharat / state

কেব আমি নামানো: মাজুলীৰ ৰাজপথত পীতাম্বৰ দেৱ গোস্বামীৰ হুংকাৰ

author img

By

Published : Dec 13, 2019, 3:30 PM IST

এইবাৰ কেবৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী ৷ ক'লে অসমীয়াই কোনো কাৰণত নামানে কেব ৷ কেব বাতিল নোহোৱা পৰ্যন্ত সকলোকে নিজ ঘৰৰ আগত NO CAB লিখি ক'লা পতাকা আৰি থোৱাৰ আহ্বান সত্ৰাধিকাৰ গৰাকীৰ ৷

কেব আমি নামানো: মাজুলীৰ ৰাজপথত পীতাম্বৰ দেৱ গোস্বামীৰ হুংকাৰ
কেব আমি নামানো: মাজুলীৰ ৰাজপথত পীতাম্বৰ দেৱ গোস্বামীৰ হুংকাৰ

মাজুলী,13 ডিচেম্বৰ: কেব বিৰোধী প্ৰতিবাদকাৰীক ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষী বাহিনীয়ে অমানৱীয় অত্যাচাৰ কৰি গুলি মাৰি-লাঠি চালনা কৰি মনোবল ভাঙিবলৈ পাৰ্যমানে চেষ্টা কৰাৰ পাছতো নদীদ্বীপ মাজুলীত হ্ৰাস পোৱা নাই অসমীয়াৰ প্ৰতিবাদ ৷ এইবাৰ মাজুলীৰ কেব বিৰোধী গণ প্ৰতিবাদত যোগদান কৰিলে মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে ৷ শুকুৰবাৰে হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণৰে মাজুলীৰ কমলাবাৰী চাৰিআলিত কেব বাতিলৰ দাবীত হোৱা গণসভাত অংশ লৈ উদাত্ত ভাষণ প্ৰদান কৰিলে সত্ৰাধিকাৰ গৰাকীয়ে ৷ প্ৰতিবাদস্থলীৰ পৰা তেওঁ চৰকাৰ অতি শীঘ্ৰে কেব বাতিল কৰিবলৈ সকিয়াই দি কয় যে যেতিয়ালৈকে কেব বাতিল নহয় তেতিয়ালৈ অব্যাহত থাকিব মাজুলীবাসীৰ প্ৰতিবাদ ৷ ইয়াৰ মাজতে সত্ৰাধিকাৰ গৰাকীয়ে কেব বাতিল নোহোৱা পৰ্যন্ত মাজুলীৰ প্ৰত্যেকজন নাগৰিকক নিজৰ বাসগৃহৰ আগফালে NO CAB লিখি ক'লা পতাকা ঘৰৰ আগত আঁৰি থবলৈ আহ্বান জনাই ৷

এইবাৰ কেবৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী

আৰু পঢ়ক: যোৰহাটত হাহাকাৰ পৰিস্থিতি

Intro:Body:

MAJULI SATRADHIKAR PROTEST

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.