ETV Bharat / state

Raas Puja 2022 : সোণ-ৰূপৰ মুকুট পিন্ধি মাজুলীত ৰাস মঞ্চস্থ কৰিলে কৃষ্ণই

author img

By

Published : Nov 8, 2022, 9:26 AM IST

উখল মাখল সত্ৰনগৰী মাজুলী (Raas purnima 2022) ৷ মাজুলীৰ গৌৰৱ এই ৰাস মহোৎসৱভাগিৰ বাবে ব্যস্ত এতিয়া মাজুলীয়াল (Majuli Raas Mahotsav 2022) ৷ সোমবাৰৰ পৰা মাজুলীত আৰম্ভ হোৱা কৃষ্ণৰ ৰাসক্ৰীড়া চাবলৈ দেশী-বিদেশী পৰ্যটকে ভৰি কৰিছেহি নদীদ্বীপ মাজুলীত (Tourist gathering Majuli for Raas Mahotsav 2022)।

Raas Puja 2022
সোণ-ৰূপৰ মুকুট পিন্ধি মাজুলীত ৰাস মঞ্চস্থ কৰিলে কৃষ্ণই

মাজুলী, 8 নৱেম্বৰ : সোমবাৰৰ পৰা মাজুলীত আৰম্ভ হ’ল মাজুলীৰ গৌৰৱ, মাজুলীৰ পৰিচয় বহন কৰা ৰাস মহোৎসৱ (Majuli Raas Mahotsav 2022)। দ্বিতীয় বৃন্দাবনলৈ পৰ্যৱসিত হ’ল সত্ৰনগৰী মাজুলী । কৃষ্ণই কৰা ৰাসক্ৰীড়া চাবলৈ দেশী-বিদেশী পৰ্যটকে ভৰি পৰিছে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীত (Tourist gathering Majuli for Raas Mahotsav 2022)।

একপ্ৰকাৰে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে এতিয়া মাজুলীত । মাজুলীৰ প্ৰায় অৰ্ধ শতাধিক ৰংগমঞ্চ আৰু 14 খন সত্ৰত অনুষ্ঠিত হৈছে এই ৰাস মহোৎসৱভাগি । মাজুলীৰ বিভিন্ন সত্ৰৰ লগতে ঐতিহাসিক দক্ষিণপাট সত্ৰটো এক ব্যতিক্ৰমী পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় ৷

183 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত অনুষ্ঠিত হৈছে ৰাস পূজা (Raas Puja 2022) ।

183 বছৰীয়া পৰম্পৰা অক্ষুন্ন ৰাখি সোণ আৰু ৰূপৰ মুকুট পিন্ধি কৃষ্ণ আৰু বলোৰামে কৰা নৃত্যই মন্ত্ৰমুগ্ধ কৰিছে দৰ্শক তথা ৰাসপ্ৰেমী ৰাইজক । উল্লেখ্য যে, দক্ষিণপাট সত্ৰৰ এই ৰাসত মহাপ্ৰভুৰ লগতে বৃন্দাবনত চন্দ্ৰ পূজনৰ সমান্তৰালকৈ কৃষ্ণ বলোৰামৰো পূজন হয় । আজি অৰ্থাৎ মঙলবাৰে দক্ষিণপাট সত্ৰত অনুষ্ঠিত হ’ব দিন ৰাস । এই দিন ৰাসক লৈ এতিয়া উৎফুল্লিত মাজুলীয়াল ৷

কেৱল দক্ষিণপাট সত্ৰই নহয়, সোমবাৰৰ পৰা আৰম্ভ হোৱা ৰাস মহোৎসৱক লৈ মাজুলীৰ ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰতো ৰাইজৰ অভূতপূৰ্ব সঁহাৰি পৰিলক্ষিত হয় ৷ একপ্ৰকাৰে উত্তৰ কমলাবাৰী সত্ৰৰ কমলাকান্ত আতা ক্ষেত্ৰ লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷

সোমবাৰে নিশা উত্তৰ কমলাবাৰী সত্ৰৰ এই ৰাস মহোৎসৱ উদ্বোধন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ নিৰোদ বৰুৱা । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক মানৱ ডেকা । এই ৰাস মহোৎসৱত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে, তেওঁ যদিও আগতে মাজুলী আহিছে কিন্তু ৰাসৰ সময়ত অহা নাই ৷ এইবাৰ ৰাসৰ সময়ত আহি অভিভূত হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ।

উল্লেখ্য যে, 14 খন সত্ৰৰ লগতে প্ৰায় 61 খন ৰংগমঞ্চত অনুষ্ঠিত হৈছে মাজুলীৰ গৌৰৱ এই ৰাস মহোৎসৱ ৷ এই ৰাস মহোৎসৱৰ বাবে সত্ৰনগৰী মাজুলীত আধ্যাত্মিকতাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Raas purnima 2022: মাজুলীত ভিৰ দেশী-বিদেশী পৰ্যটকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.