মাজুলী, ২ ছেপ্তেম্বৰ : ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে কেইবাদিনো ধৰি মাজুলী-নিমাতী ফেৰী সেৱা বন্ধ হৈ থকাৰ পাছত অৱশেষত বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ কৰা হ'ল ফেৰী সেৱা । মাজুলী জিলা প্ৰশাসনে নিৰ্দেশমৰ্মে আৰম্ভ কৰা হৈছে ফেৰী সেৱা ।
বিগত দুটা দিনত ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পাইছে ৷ সেয়ে মাজুলী-নিমাতী ফেৰী সেৱা পুনৰ স্বাভাৱিকভাৱে আৰম্ভ কৰা হৈছে । পানী বাঢ়ি থকাৰ সময়ত নদীৰে যাতায়াত কৰিলে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত যোৱা ২৭ আগষ্টৰ পৰা মাজুলী জিলা প্ৰশাসনে এই সেৱা বন্ধ ৰখাৰ নিৰ্দেশ দিছিল ।
এতিয়া বৃহস্পতিবাৰৰ পৰা জিলা প্ৰশাসনে ফেৰীৰ চলাচলত অনুমতি প্ৰদান কৰিছে যদিও ফেৰীঘাটৰ ৰেম্পসমূহ সূচল নোহোৱাৰ বাবে ফেৰীবোৰত চাৰিচকীয়া বাহন নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । মাজুলী জিলা প্ৰশাসনে মাত্ৰ সাধাৰণ যাত্ৰী আৰু দুচকীয়া বাহন নিয়াতহে অনুমতি দিছে ।
উল্লেখ্য যে, কেইবাদিনো ধৰি ফেৰী সেৱা বন্ধ হৈ থকাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল মাজুলীৰ ৰাইজে । ব্যৱসায়-বাণিজ্যৰ লগতে চিকিৎসাৰ বাবে আন ঠাইলৈ যাতায়াতৰ একমাত্ৰ ভৰসা ফেৰী ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে ফেৰী সেৱা ব্যাহত হৈ পৰিছিল ।
বৃহস্পতিবাৰে পুনৰ ফেৰী চলাচল আৰম্ভ হোৱাত বিভিন্ন কামত ফেৰীৰে যাতায়াত কৰিবলৈ ওলাই আহি পুৱাৰে পৰা ফেৰীঘাটত যাত্ৰীয়ে ভীৰ কৰিছেহি । আনহাতে, বৰ্তমান ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰিছে । অতি কষ্টেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে বান বিধ্বস্ত অঞ্চলৰ ৰাইজে ।
লগতে পঢ়ক: NHPC ৰ পৰা কি ক’লে শংকৰজ্য়োতি বৰুৱাই ?