ETV Bharat / state

মাজুলীৰ এগৰাকী সত্ৰাধিকাৰৰ হিয়াভগা কান্দোন - আহতগুৰি মৌজা

খহনীয়াৰ কবলত পৰাৰ সম্ভাৱনা মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰীআঁহতগুৰি বৰসত্ৰ ৷ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান সত্ৰাধিকাৰ ৰূপচন্দ্ৰ গোস্বামীৰ ৷

majuli-news-for-erosion
মাজুলীৰ এগৰাকী সত্ৰাধিকাৰৰ হৃয়াভগা কান্দোন
author img

By

Published : Jun 19, 2021, 11:01 PM IST

মাজুলী, 19 জুন : মাজুলীৰ এগৰাকী সত্ৰাধিকাৰৰ হিয়াভগা কান্দোন ৷ হিয়া ঢাকুৰি কান্দিছে মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰীআঁহতগুৰি বৰসত্ৰৰ সত্ৰাধিকাৰ ৰূপচন্দ্ৰ গোস্বামী ৷ আতন বুঢ়াগোঁহাইয়ে ৰমানন্দ দ্বিজৰ হতুৱাই স্থাপন কৰা আঁহতগুৰি বৰসত্ৰলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই আনিছে ব্যাপক ভাবুকি ৷ সত্ৰৰ একেবাৰেই নিচেই ওচৰত ব্যাপক ৰূপ ধাৰণ কৰিছে খহনীয়াই ।

খহনীয়াৰ কবলত মাজুলীৰ শ্ৰীশ্ৰীআঁহতগুৰি বৰসত্ৰ

চৰকাৰক অতি সোনকালে কিবা এটা ব্যৱস্থা কৰাৰ আহ্বান আঁহতগুৰিৰ সত্ৰৰ সত্ৰাধিকাৰৰ । অতি সোনকালে কিবা এটা ব্যৱস্থা গ্ৰহণ নকৰিলে খহনীয়াৰ কবলত পৰিব এই ঐতিহাসিক সত্ৰখন ৷ যদিহে কোনেও এই বিষয়ত গুৰুত্ব প্ৰদান নকৰে, তেতিয়া সত্ৰৰ লাইখুঁটাত ধৰি সপৰিয়ালে লুইতৰ বুকুত আত্মজাহ দিব । অকল সত্ৰলৈ নহয় খহনীয়াই আঁহতগুৰি মৌজালৈ আনিছে তীব্ৰ ভাবুকি ৷

যোগাযোগৰ বাবে সূচল নোহোৱা বাবে সত্ৰলৈ বিভিন্ন লোকৰ আগমন কমকৈ হয় বুলিও সত্ৰাধিকাৰগৰাকীয়ে প্ৰকাশ কৰে । গতিকে যাতায়তৰ সূচল হোৱাকৈ এটা পথ নিৰ্মাণ কৰিবলৈও চৰকাৰলৈ অনুৰোধ জনাইছে সত্ৰাধিকাৰগৰাকীয়ে ৷ মাজুলীৰ শ্ৰীশ্ৰীআঁহতগুৰি বৰসত্ৰৰ সত্ৰাধিকাৰ গৰাকীৰ এই আহ্বানক চৰকাৰ তথা প্ৰশাসনে কেনেদৰে গুৰুত্ব আৰোপ কৰে সেয়াহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : জনতা ভৱনত পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.