মাজুলী,7 মাৰ্চঃ মাজুলী গড়মূৰত মিত্ৰজোঁটৰ আগন্তুক নিৰ্বাচন কেন্দ্ৰকৰি সংবাদমেলৰ আয়োজন কৰে। ৰাজ্যিক প্ৰভাৰী ৰূপা কামানৰ লগতে মাজুলী মিত্ৰজোঁটৰ অসম গণ পৰিষদ, গণশক্তি আৰু বিজেপিৰ দলীয় নেতা উপস্থিত থাকে । সৰ্বাধিক ভোটত মাজুলীৰ পৰা মিত্ৰজোঁটৰ হৈ টিকত লাভ কৰা সৰ্বানন্দ সোনোৱালক দ্বিতীয় বাৰৰ বাবে জয়যুক্ত কৰি পঠিওৱাৰ কথা উল্লেখ কৰে সংবাদমেলত । নিৰ্বাচনৰ লগতে সৰ্বানন্দ সোনোৱালৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশসমূহ চোৱা চিতা কৰাৰ লগতে থলুৱা নেতাক গুৰুত্বহীন কৰি দালালি আৰম্ভ কৰে। এই বছৰ মাজুলী জিলা বিজেপিয়ে বাহিৰৰ নেতাৰ দপদপনি তথা দালালি বন্ধ কৰিবৰ বাবে সৰ্বানন্দ সোণোৱালক দাবী জনোৱাৰ লগতে মাজুলী জিলা খনে এই কাৰ্যক তীব্ৰ বিৰোধিতা কৰিব। কেৱল প্ৰভাৰী গৰাকীৰ লগতে সৰ্বানন্দ সণোৱাল আৰু মিত্ৰজোঁটত শীৰ্ষস্থানীয় নেতাৰ বাদে সকলোকে ইয়ালৈ আহি দাদাগিৰি খটুৱাতো সহ্য কৰা নহ’ব বুলি স্পষ্ট কৈ উল্লেখ কৰে।
বিগত ৫ বছৰে মাজুলীৰ সাধাৰণ জনতাই মুখ্যমন্ত্ৰীক আসনত থকা বাবে স্থানীয় বিধায়ক হিচাপে সৰ্বানন্দ সোনোৱালক সাক্ষাৎ কৰি নিজৰ অভাৱ অভিযোগ দিয়াৰ ক্ষেত্ৰত জতিলতাৰ সৃষ্টি হৈছিল। যিটো পূৰ্ণ সুযোগ একাংশ মাজুলী বাহিৰৰ নেতাই গ্ৰহণ কৰিছিল। মাজুলী লৈ সৰ্বানন্দ সোণোৱাল আহিব আৰু অহা ৯ মাৰ্চত মনোনয়ন পত্ৰ দাখিল পৰিব। সংবাদমেলত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী মাধৱ দেউৰী, গণশক্তি দলৰ মিছিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নীল দলে, বিজেপি ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দীপক গোস্বামীয়ে অংশগ্ৰহণ কৰে।
লগতে পঢ়কঃ কিয় দিল্লীৰ ৰোষত পৰিল শিলাদিত্য...?