মাজুলী, 23 অক্টোবৰঃ মাজুলীৰ শালমৰাত পুনৰ খহনীয়াই লৈছে বিধ্বংসী ৰূপ ৷ ২৩৭ কোটি টকীয়া অভিলাষী আঁচনিয়েও সুৰক্ষা দিব পৰা নাই নদী দ্বীপ মাজুলীক ৷ব্ৰহ্মপুত্ৰ বৰ্ডৰ চৰম বিফলতাই ক্ৰমান্বয়ে মাজুলীৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিছে ৷
![MAJULI MASSIVE EROSION LATEST NEWS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4843308_majuli.jpg)
বাৰিষাৰ পাছতে মাজুলীৰ শালমৰা অঞ্চলত পুনৰ আৰম্ভ হৈছে ভয়াৱহ খহনীয়া। বিগত প্ৰায় ৮/১০ দিন ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰি চপৰা চপৰে খহাইছে নৈৰ গঢ়া। খহনীয়াত জাহ গৈছে ব্ৰহ্মপুত্ৰ বৰ্ডে মাজুলীৰ স্থায়ী সুৰক্ষাৰ বাবে ৰূপায়ণ কৰা ২৩৭ কোটি টকীয়া অভিলাষী আঁচনিৰ জিঅ' বেগ। ২৩৭ কোটি টকাৰে ব্ৰহ্মপুত্ৰ বৰ্ডে টিকে ইঞ্জিনিয়াৰিং নামৰ প্ৰতিষ্ঠানটোৰ জৰীয়তে ২৭ কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ গতিপথত মাজুলী পাৰত বেংক ৰিবেডমেণ্টৰ কাম কৰি থকাৰ পাছটো মাজুলীৰ বিভিন্ন অঞ্চলৰ অব্যাহত আছে খহনীয়া।
উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ বৰ্ডে ২০০৩ চনৰ পৰা মাজুলী সুৰক্ষা আঁচনিৰ নামত প্ৰায় হাজাৰ কোটি টকা খৰছ কৰি মাজুলীৰ এচপৰা ভূমিও সুৰক্ষা দিবলৈ সক্ষম নহ'ল। শেহতীয়াকৈ বিভাগ আৰু ইঞ্জিনিয়াৰিং নামৰ প্ৰতিষ্ঠানটোৱে মিলি ৰাজহুৱা ধনৰ শৰাধ কৰাৰ চৰম পৰিণতি ভুগিছে মাজুলী বাসীয়ে। সম্প্ৰতি ব্ৰহ্মপুত্ৰ বৰ্ডে ৰূপায়ণ কৰা আঁচনিৰ জিঅ' পইন্টত খহনীয়াৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পিচতো পাছটো বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগটো তথা ঠিকাদাৰে। ইফালে জিঅ বেগত বালিৰ পৰিৱৰ্তে মাটি ভৰোৱাৰ অভিযোগ উত্থাপন কৰিছে ঠিকাদাৰৰ বিৰুদ্ধে।
![MAJULI MASSIVE EROSION LATEST NEWS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4843308_majuli-erosion.jpg)