মাজুলী, 23 আগষ্ট : ১৮ আগষ্টৰ পৰা মুকলি হ’ল মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা । বিগত প্ৰায় তিনি মাহ ধৰি বন্ধ হৈ আছিল এই ফেৰী সেৱা ৷ ফেৰী সেৱা বন্ধ হোৱাৰ লগে লগে পাৰঘাটৰ দোকানীসকলৰ দোকান-বজাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল । এতিয়া প্ৰায় তিনি মাহৰ পাছত সম্পূৰ্ণ ক'ভিডৰ নীতি নিয়ম মানি ৫০ শতাংশ যাত্ৰীৰে ফেৰী চলাচল আৰম্ভ কৰা হৈছে ৷
ফেৰী চলাচল কৰাৰ লগে লগে আৰু পাৰঘাটৰ দোকান বজাৰ খোল খাইছে ৷ কিন্তু দুখৰ বিষয় এই পাৰঘাটৰ দোকানসমূহত আগৰ দৰে গ্ৰাহকৰ আগমণ নাই যাৰ কাৰণে দোকানৰ বিক্ৰী কম । কেৱল ৫০ শতাংশ যাত্ৰীৰেহে ফেৰী চলাচল আৰম্ভ কৰাত আন যাত্ৰীসকলে শাৰী পাতি অপেক্ষা কৰিব লগীয়া হয় ৷ সকলো লোকে ফেৰীলৈ যাব বিচৰাত ফলত দোকানসমূহলৈ গ্ৰাহকসকল অহাৰ সুযোগৰ পৰা বঞ্চিত হয় ।
আনহাতে, ক’ভিড প্ৰট’কলৰ বাবে যোৰহাটৰ পৰা অহা সকলো লোকক দোকানত প্ৰৱেশত আৰক্ষীয়ে বাধা প্ৰদান কৰিছে ৷ যাৰবাবে প্ৰায় তিনি মাহৰ পাছত দোকান খোল খালে যদিও গ্ৰাহকৰ আগমণ কম হোৱাত এতিয়া কঁকালে-মূৰে হাত দিবলগীয়া হৈছে এইসকল পাৰঘাটৰ ব্যৱসায়ীয়ে ।
এই সকল লোকৰ জীৱকাৰ একমাত্ৰ সম্বল এই দোকান কেইখনেই । দোকান কেইখন নচলা হোৱাৰ লগে লগে যেন পৰিয়াল পোহ-পাল দিয়াতো জটিল সমস্যাৰ সৃষ্টি হৈছে ব্যৱসায়ীসকলৰ মাজত । পাৰঘাটৰ ব্যৱসায়ীসকলে চৰকাৰক তেওঁলোকক আঁচনিৰ ভিতৰত অন্তৰ্ভূক্ত কৰি কিছু পৰিমাণে সহায় আগবঢ়াবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক : কমলাবাৰী ফেৰীঘাটত উত্তেজনাপূৰ্ণ পৰিস্থিতি