ETV Bharat / state

মাজুলীত ম্যাদ উকলা সামগ্ৰী বিক্ৰী অসাধু ব্যৱসায়ীৰ

author img

By

Published : Aug 25, 2021, 1:46 PM IST

প্ৰশাসন তথা যোগান বিভাগৰ চকুত ধূলি মাৰি ম্যাদ উকলা সামগ্ৰী বিক্ৰী অসাধু ব্যৱসায়ীৰ ৷ এগৰাকী দণ্ডাধীশে পোহৰলৈ আনে এই ঘটনা ৷

Food Safety Department seized expried date goods
ম্যাদ উকলা সামগ্ৰী বিক্ৰী একাংশ অসাধু ব্যৱসায়ীৰ

মাজুলী, 25 আগষ্ট : নিভাঁজ খাদ্যৰ নামত আপুনি খাইছে কি ? দোকানৰ পৰা ক্ৰয় কৰা খাদ্যত কিমান আছে বিশুদ্ধতা ! সামগ্ৰী ক্ৰয় কৰোতে আপুনি চাইনে বাৰু বিশুদ্ধতাৰ পৰিমাণ ? যদি নাচায়, তেন্তে সাৱধান ৷ আপোনাৰ সৰলতাৰ সুযোগ ল’ব পাৰে বিক্ৰেতাই ৷ কিয়নো মাজুলীত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য ৷

মাজুলীৰ এজন ব্যৱসায়ীয়ে দীৰ্ঘদিনে গ্ৰাহকক খাদ্যৰ নামত বিক্ৰী কৰিছে বৰবিহ ৷ প্ৰশাসন অথবা যোগান বিভাগৰ অজ্ঞাতে ম্যাদ উকলা সামগ্ৰী বিক্ৰীৰে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে কমলাবাৰী চাৰিআলিৰ সুশীল কুমাৰ নামৰ ব্যৱসায়ীগৰাকীয়ে ৷ বিগত কিছুমাহ ধৰি কৰি ধাৰাবাহিকভাৱে ব্যৱসায়ীজনে এই কাৰ্য সংঘটিত কৰি আহিছে ৷ কিন্তু মঙলবাৰে মঙল বেয়া আছিল ব্যৱসায়ীগৰাকীৰ ৷

নিভাঁজ খাদ্যৰ নামত আপুনি খাইছে কি

মাজুলীৰ খাদ্য সুৰক্ষা বিভাগে লাভ কৰা এক গোচৰৰ ভিত্তিত সুশীল কুমাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অতৰ্কিতে অভিযান (Sudden Visit) চলায় ৷ এই অভিযানৰ কালচোৱাত জিলা প্ৰশাসনে সুশীল কুমাৰৰ দোকানৰ পৰা জব্দ কৰে ম্যাদ উকলা বহু সামগ্ৰী ৷ তাৰে ভিতৰত হৈছে আটা, চয়াবিন, চুজি, মুড়ি, আমূল গাখীৰকে ধৰি বহু অত্যাৱশ্যকীয় সামগ্ৰী ৷

লগতে পঢ়ক: চৰকাৰী চাউল নামত ৰাইজলৈ বৰবিহ !

ইয়াৰ উপৰিও ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ লালীগুড় ৷ কিন্তু লালীগুড়ৰ বিপৰীতে সেয়া সাধাৰণ গুড় বুলিহে অভিহিত কৰিছে ব্যৱসায়ীগৰাকীয়ে ৷ এই ঘটনাৰ সন্দৰ্ভত মাজুলীৰ খাদ্য সুৰক্ষা বিভাগে আৰম্ভ কৰিছে তদন্ত ৷

Food Safety Department seized expried date goods
মাজুলীত ম্যাদ উকলা সামগ্ৰী বিক্ৰী একাংশ অসাধু ব্যৱসায়ীৰ

মাজুলীৰ খাদ্য সুৰক্ষা বিভাগে প্ৰকাশ কৰা অনুসৰি, কিছুদিন পূৰ্বে সেই দোকানখনৰ পৰা এগৰাকী দণ্ডাধীশে ক্ৰয় কৰিছিল কিছু সামগ্ৰী ৷ সামগ্ৰী ক্ৰয়ৰ পাচতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ তাৰ পাচতে দণ্ডাধীশগৰাকীৰ অভিযোগৰ ভিত্তিত খাদ্য সুৰক্ষা বিভাগে কমলাবাৰী চাৰিআলিৰ সুশীল কুমাৰৰ দোকানত চলায় অভিযান ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ম্যাদ উকলা সামগ্ৰী বিক্ৰীৰে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক অনুৰোধ জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক: থলুৱা মাছৰ নামত আপুনি খাইছে বৰবিহ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.