মাজুলী, 5 জুনঃ নামনি মাজুলী মহৰিচুক অঞ্চলৰ দৰিদ্ৰ বানাক্ৰান্ত কৃষকে হাড় ভঙা শ্ৰম কৰিও নাপালে শ্ৰমৰ মূল্য ৷ কৃষি বিভাগৰ কৃপাত মাজুলীৰ পথাৰত ধানৰ পৰিৱৰ্তে কৃষকে পালে পতান। দৰাচলতে মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা মিছনৰ অধিনত লোৱা প্ৰজেক্ট CR 501,DR H 44 এই দুটা ভেৰাইটি ধানৰ বীজ যোগান ধৰিছিল ৰাইজক । কিন্তু কৃষি বিভাগে যোগান ধৰা এই ধানৰ বীজ মূৰকত গৈ উৎপাদন হ’ল কেৱল পতানহে । আনহাতে, জিলাখনৰ 95 শতাংশ লোকেই হৈছে কৃষিৰ ওপৰত নিৰ্ভৰশীল ৷ তেনে পৰিপেক্ষিতত এফালে ঋণৰ বোজা আনফালে বান...কৃষি বিভাগৰ এই অমনোযোগিতাৰ বাবেই কপালৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰা খেতি ডৰাত কৃষকে কাতিবলৈ নাপালে পকা ধান । ফলত চকুৰ পানীৰে বাট নেদেখা হৈছে মাজুলীৰ এই কৃষকসকলে..
লগতে চাওকঃ লখিমপুৰত বানৰ কবলত শতাধিক কৃষিভূমি