মাজুলী,21 এপ্ৰিল: এটা ব্যক্তিগত কোম্পানীৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে মাজুলীৰ এগৰাকী কৃষকে ৷ উৎকল টিউবাৰ্ছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ বাবে কুইণ্টলে কুইণ্টলে গেলিছে মাজুলীৰ এজন কৃষকৰ উৎপাদিত আলু । এই বহিৰাগত কোম্পানীটোৱে মাজুলীৰ অতুল কলিতা নামৰ কৃষকজনৰ পৰা 1 কুইণ্টলকৈ আলু 1100 টকাৰ বাবদ ক্ৰয় কৰাৰ কথা আছিল ৷
কিন্তু কোম্পানীটোৱে কৃষকগৰাকীক দিয়া কথা অনুসৰি কাম নকৰিলে ৷ যাৰ ফলস্বৰূপে কোম্পানীটোৰ সঁহাৰিৰ অপেক্ষাত থাকি বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে কৃষক গৰাকী ৷
কৃষকজনে সদৰী কৰা মতে, শীতল ভঁৰালৰ অভাৱত বস্তাৰ আলু বস্তাতে এতিয়া গেলিবলৈ ধৰিছে ৷ ইফালে কোম্পানীটোৱে যাতায়াতৰ খৰচ বিচৰা বুলিও অভিযোগ উত্থাপন কৰিছে কৃষক অতুল কলিতাই ৷ কৃষক কলিতাই মাজুলীৰ কৃষি বিভাগক এই সন্দৰ্ভত অৱগত কৰিছে ৷ কিন্তু বিভাগটোৱেও এই পৰ্যন্ত বিষয়টোত কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ গতিকে আলুখিনিক লৈ বিমোৰত পৰিছে কৃষক গৰাকী ৷