ETV Bharat / state

বৰ্ণাঢ্য কাৰ্যসূচীৰে মাজুলীত সহোদয়-২০২১ - সহোদয়-২০২১

২১-২২ ফেব্ৰুৱাৰীৰ পৰা মাজুলীত সহোদয়-২০২১ কাৰ্যসূচী অনুষ্ঠিত হ'ব । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেইবাগৰাকীও সাংসদ, স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীসকল উপস্থিত থাকিব ।

বৰ্ণাঢ্য কাৰ্যসূচীৰে মাজুলীত সহোদয়-২০২১

author img

By

Published : Feb 20, 2021, 8:37 PM IST

মাজুলী, ২০ ফেব্ৰুৱাৰী: ২১-২২ ফেব্ৰুৱাৰীৰ পৰা মাজুলীত সহোদয়-২০২১ কাৰ্যসূচী অনুষ্ঠিত হ'ব । ইয়াৰ প্ৰধান উদেশ্য হ'ল অসমৰ বিভিন্ন জাতি-জনজাতি খিলঞ্জীয়া অসমীয়া, জনগোষ্ঠী তথা সাংস্কৃতিক সত্তাসমূহৰ বাৰেৰহণীয়া ৰূপক এই অনুষ্ঠানৰ মাজেদি ঐক্যবদ্ধভাৱে প্ৰকাশ কৰা । লগতে বিনন্দীয়া অসমৰ নান্দনিক সাৱলীল অভিব্যক্তিৰ জৰিয়তে সমন্বয় আৰু ভাতৃত্ববোধক সকলোৱে মিলি স্বচক্ষে সমাদৰ কৰা ।

এই অনুষ্ঠানত ৪৬ টাৰো অধিক জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব । ইয়াৰোপৰি, ১০০ খুলীয়াই অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত । অসমৰ আগশাৰীৰ শিল্পী জিতুল সোণোৱাল, কৃষ্ণমনি চুতীয়া, সীমান্ত শেখৰ, যতীন বৰা, দেৱজিৎ ছাহা, বিদ্যাসাগৰ, আশা বৰদলৈ, ববিতা শৰ্মা আদি শিল্পীয়ে অংশগ্ৰহণ কৰিব ।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেইবাগৰাকীও সাংসদ, স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীসকল উপস্থিত থাকিব । মাজুলীৰ প্ৰৱাসী মাজুলীৰ বিশিষ্ট প্ৰতিষ্ঠিত ব্যক্তিসকলৰ বাৰ্তালাপ অনুষ্ঠান অনুষ্ঠিত হ'ব । দুদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ।

যোৱা পাঁচ বছৰৰ উন্নয়নৰ তথ্য-চিত্ৰ উন্মোচন কৰিব এই অনুষ্ঠানত। এখন প্ৰদৰ্শনী থলী অনুষ্ঠিত হ'ব য'ত জনগোষ্ঠীৰ লগতে শিল্পী ইলা কাকতিৰ নামত প্ৰদৰ্শনী ব্যৱস্থা থাকিব । অনন্য সুন্দৰ সাংস্কৃতিক অনুষ্ঠান লাভ কৰিব মাজুলীবাসীয়ে ।

শিল্পীসকল একত্ৰিত সহোদয়ৰ জড়িয়তে পাহাৰ-ভৈয়ামৰ জাতি-জনগোষ্ঠীৰ শিল্পীৰ মিলন হ'ব বুলি উল্লেখ কৰে যতীন বৰাই । লগতে সীমান্ত শেখৰে মাজুলীৰ দৰে ঐতিহ্যপূৰ্ণ স্থানত অনুষ্ঠান পাতি ধন্য বুলি উল্লেখ কৰি মাজুলীবাসীৰ সহযোগিতা দেখি হ’ল আনন্দিত ।

সকলো জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত । জাতিৰ নামত ভাগ-ভাগ হোৱাতো আঁতৰাই সহোদয়ৰ জৰিয়তে একেলগ হৈ বৃহত্তম অসমৰ অসমীয়া বুলি পৰিচয় দিব লাগে । আশা বৰদলৈয়ে উল্লেখ কৰে যে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ লৈ সমন্বয়ৰ তীৰ্থ স্থানলৈ পৰ্যবেশিত হৈছে ।

লগতে পঢ়ক: সংশোধন হ'ব 'অসম মুক্তি যুঁজাৰু সাহাৰ্য নীতি'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.