ETV Bharat / state

মাজুলীত স্থায়ী সুৰক্ষা আঁচনিৰ নামত ৰাইজক ৰামঠগন ব্ৰক্ষ্মপুত্ৰ বৰ্ড'ৰ - মাজুলীৰ বাতৰি

মুখ্যমন্ত্ৰীৰ সমষ্টিত খহনীয়া সমস্যাৰ স্থায়ী সমাধান আচঁনিৰ নামত অনিয়মৰ অভিযোগ ৷ ৰাইজে বন্ধ কৰিলে টি কে ইঞ্জিনিয়াৰিঙৰ কাম ৷

মাজুলীত স্থায়ী সুৰক্ষা আঁচনিৰ নামত ৰাইজক ৰামঠগন ব্ৰক্ষ্মপুত্ৰ বৰ্ডৰ
author img

By

Published : Nov 1, 2019, 5:45 PM IST

Updated : Nov 1, 2019, 6:23 PM IST

মাজুলী,1 নৱেম্বৰ: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলীত প্ৰহসনত পৰিণত হৈছে মাজুলীৰ খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে ব্ৰক্ষ্মপুত্ৰ বৰ্ডে আৰম্ভ কৰা ২৩৭ কোটি টকীয়া স্থায়ী সুৰক্ষা আঁচনি ৷ সত্ৰনগৰী মাজুলীৰ সুৰক্ষাৰ বাবে গৰাখহনীয়াৰে জৰ্জৰিত নদীদ্বীপৰ ২৭ কিলোমিটাৰ অঞ্চল বেংক ৰিবেডমেন্ট আঁচনিৰ জৰিয়তে ২৩৭ কোটি টকাৰ এক অভিলাষী আঁচনিৰ ৰূপায়নৰ বাবে টি কে ইঞ্জিনিয়াৰিং নামৰ এটা অৰুণাচলী সংস্থাক দায়িত্ব দিছিল ব্ৰক্ষ্মপুত্ৰ বৰ্ডে ৷ কিন্তু দুটা বছৰ উকলি যোৱাৰ পাছতো এই টিকে ইঞ্জিনিয়াৰিঙ কোম্পানীয়ে কোটি টকা সৰাধ কৰাৰ বিপৰীতে মাজুলীৰ মূল ভূ-খণ্ডৰ এচপৰা মাটিও সুৰক্ষা দিবলৈ সক্ষম নোহোৱাৰ অভিযোগ কৰিছে নদীদ্বীপটোৰ স্থানীয় ৰাইজৰ লগতে মাজুলী মহকুমা ছাত্ৰ সন্থাই ৷

খহনীয়া সমস্যাৰ স্থায়ী ৰোধৰ আচঁনিৰ নামত অনিয়মৰ অভিযোগ

ইফালে শেহতীয়াকৈ ব্ৰক্ষ্মপুত্ৰৰ জিৰ পইন্টৰ শালমৰা অঞ্চলত খহনীয়া অব্যাহত থকাৰ সময়তে কোম্পানীটোৱে জিঅ বেগত বালিৰ পৰিবৰ্তে মাটি ভৰাই পুনৰ এক লুন্ঠনৰ চেষ্টা কৰোতেই স্থানীয় ৰাইজে হাতে লোটে ধৰা পেলাই ৷ বালি ভৰ্তি জিঅ বেগ নদীৰ গৰাত স্থাপন কৰি মাজুলীক সুৰক্ষিত কৰাৰ বিপৰীতে বোকা, পথৰুৱা মাটিকে বেগত ভৰাই আঁচনিৰ নামত কেৱল বেগ সমূহ নদীখনৰ গৰাত পেলাই কোটিটকীয়া আচঁনি ৰূপায়নৰ নামত সত্ৰনগৰীবাসীক আভুৱা ভাৰিব বিচৰা কাৰ্যত বৰ্তমান খৰ্গহস্ত হৈ পৰিছে ৰাইজ ৷ আনহাতে, শনিবাৰে স্থানীয় ৰাইজ আৰু জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে নিৰ্মানস্থলী পৰিৰ্দশন কৰি কোম্পানীটোৰ কাম দেখি হতভম্ব হৈ পৰাৰ লগতে কৰ্মচাৰী সকলক কামবন্ধ কৰিবলৈ সকীয়াই দিয়ে ৷

ইমানবোৰৰ পাছতো ঘটনা সন্দৰ্ভত নিধিৰাম চৰ্দাৰৰ ভাৱত অৱতীৰ্ণ হৈছে ব্ৰহ্মপুত্ৰ বৰ্ড ৷ ৰাইজৰ বহুবাৰ অভিযোগৰ পাছতো তেওঁলোকৰ কথা শুনিবলৈ এতিয়া আহৰি নাই বৰ্ডৰ ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল সমষ্টিটো খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰাৰ পাছতো কামত গাফিলতি কৰা কোম্পানীৰ ওপৰত এতিয়ালৈকে একো পদক্ষেপ গ্ৰহণ কৰাৰ আগ্ৰহ প্ৰকাশ কৰা নাই পৰিৱৰ্তনকামী বিজেপি চৰকাৰে ৷

Intro:মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ স্থায়ী সুৰক্ষা কামত লুণ্ঠন ।
প্ৰহসনত পৰিণত মাজুলীৰ স্থায়ী সুৰক্ষা আঁচনিঃ
বালিৰ সলনি জীঅ বেগত মাটি ভৰাই টিকে কেম্পানীৰ লুন্ঠনঃ
ছাত্ৰ সন্থা আৰু স্থানীয় গাঁওবাসীয়ে বন্ধ কৰিলে ২৩৭ কোটি টকীয়া আঁচনি কামঃ

VO.... সত্ৰপীঠ মাজুলীৰ স্থায়ী সুৰক্ষাৰ বাবে ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়া অঞ্চলৰ ২৭ কিলোমিটাৰ বেংক ৰিবেডমেন্ট আঁচনিৰ যৰিয়তে ২৩৭ কোটি টকাৰ এক অভিলাষী আঁচনিৰ কাম ৰূপায়ণ কৰি আছে ব্ৰহ্মপুত্ৰ বৰ্ডৰ যোগেদি। ব্ৰহ্মপুত্ৰ বৰ্ডৰ অধীনত টি কে ইঞ্জিনিয়াৰিং নামৰ এটা অৰুণাচলী সংস্থাক দায়িত্ব অৰ্পণ কৰিয়েই দ্বায়ীত্ব সামৰিলে চৰকাৰে ৷ বিগত দুটা বছৰে টিকে ইঞ্জিনিয়াৰিং কম্পেনিয়ে সুৰক্ষাৰ নামত আঁচনিখনৰ ২৩৭ কোটি টকাৰ সৰাধ কৰাৰ বিপৰিতে মাজুলীৰ মূল ভূ-খণ্ডৰ এচপৰা মাটিও সুৰক্ষা দিবলৈ সক্ষম নহল। শেহতীয়াকৈ জিৰ পইটতৰ শালমৰা অঞ্চলত খহনীয়া অব্যাহত থকাৰ সময়তে টিকে কম্পেনিয়ে জিঅ বেগত বালিৰ পৰিবৰ্তে মাটি ভৰাই পুণৰ এক লুণ্ঠন চলোৱাৰ চেষ্টা কৰোটেই স্থানীয় ৰাইজে কাম বন্ধ কৰি দিয়ে।

বাইটঃ অজিত হাজৰিকা
( সভাপতি মাজুলী মহকুমা ছাত্ৰ সন্থা)।

বালি ভৰ্তি জিঅ বেগ নদীৰ গৰাত স্থাপন কৰাাৰ পৰিবৰ্তে বোকা, পথৰুৱা মাটিকে বেগত ভৰাই আঁচনিৰ নামত কেৱল বেগ সমূহ নদীৰ গড়াত পেলাই আচনি ৰূপায়নৰ নামত মাজুুলীবাসীক আভুৱাভাৰিব বিচৰাত খড়্গহস্ত হৈ পৰিছে অঞ্চলবাসী। আজি সমীপৱৰ্তী পথাৰৰ পৰা বোকা মাটিৰে কামৰ নমুনা দেখি অঞ্চলবাসী হতভম্ব হৈ পৰাৰ লগতে সেই স্থানত থকা কৰ্মচাৰী ক মাতি আনি কাম বন্ধ ৰাখিবৰ বাবে সকীয়াই দিয়ে ।
ইফালে নিধিৰাম চৰ্দাৰ সদৃশ ৰূপত অৱতীৰ্ণ ব্ৰহ্মপুত্ৰ বৰ্ড।
Body: মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসমConclusion:
Last Updated : Nov 1, 2019, 6:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.