ETV Bharat / state

মাজুলীত গৰু সৰবৰাহত জড়িত কোন এই ৰুণু টাইড ? - illegal cattle traders detained in Majuli

জেংৰাই বালিচাপৰি ঘাটৰে অবৈধভাৱে পাৰ হৈছিল ত্ৰিছতাতকৈ গৰু । গো-সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু । গৰু সৰবৰাহত জড়িত কোন এই ৰুণু টাইড ? গৰুকেইটাক লৈ বিপাঙত আৰক্ষী । ভুৱা ৰচিদ দেখুৱাই চলেবলে-কৌশলেৰে সকলো গো-সৰবৰাহৰ চেষ্টা গো-মাফিয়াৰ (Majuli cattle trafficking)।

Majuli
Majuli
author img

By

Published : Sep 27, 2022, 11:01 AM IST

Updated : Sep 27, 2022, 11:50 AM IST

মাজুলী, ২৭ ছেপ্টেম্বৰ : মাজুলী জেংৰাইমুখ থানাৰ অন্তৰ্গত জেংৰাইমুখ বালিচাপৰি ঘাটৰ পৰা দেওবাৰে বিয়লি জেংৰাইমুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ কুমাৰ চুতীয়াৰ নেতৃত্বত যোৱা এটি দলে ত্ৰিছটাকৈ গৰুসহ তিনিজনকৈ অবৈধ গো-ব্যৱসায়ীক ২৫ ছেপ্টেম্বৰৰ বিয়লি আটক কৰে (illegal cattle traders including cows detained) । এক গোপন সূত্ৰৰ পমখেদি জেংৰাইমুখ আৰক্ষীয়ে ৰচিদ জালিয়াতি কৰি অনা এই গৰুকেইটা থানালৈ আনি আৰম্ভ কৰে তদন্ত ।

জানিব পৰা মতে, ৰচিদত উল্লেখ থকা এই পশুধনকেইটা গোগামুখ বৰ্ষামুখৰ ৰুণু টাইডৰ পৰা ব্যৱসায়ৰ বাবে মাজুলীলৈ আনিছিল । গৰু সৰবৰাহৰ লগত জড়িত ক্ৰমে বিপিন শইকীয়া আৰু বিজয় শইকীয়াৰ ওপৰত ইতিমধ্যেই জেংৰাইমূখ আৰক্ষীয়ে 379/IPC আৰু 13 (1) cattle act 21 নম্বৰত গোচৰ ৰুজু কৰিছে (illegal cattle traders detained in Majuli) ।

মাজুলীত গৰু সৰবৰাহত জড়িত কোন এই ৰুণু টাইড ?

জব্দ কৰা গৰুকেইটা বৰ্তমানলৈকে জেংৰাইমুখ থানাতেই আছে ৷ আনহাতে, এই গৰুকেইটা ৰাখিবলৈ কোনো চৰকাৰী পাউণ্ড নথকাৰ বাবে বিমোৰত পৰিবলগা হৈছে আৰক্ষী ৷ উল্লেখ্য যে মাজুলীৰ পৰা অবৈধ ব্যৱসায়ীয়ে বিভিন্ন সময়ত এইদৰে গৰু যোৰহাট, লখিমপুৰ আৰু বোকাখাতলৈ সৰবৰাহ কৰি আহিছে (Majuli cattle trafficking) ।

অন্যহাতে, এই গৰুবোৰ অবৈধভাৱে বিভিন্ন সময়ত বাংলাদেশলৈ প্ৰেৰণ কৰি আহিছে বুলিও ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে আমাক জানিবলৈ দিয়ে ৷ ইফালে ৩০ টাকৈ গৰু সৰবৰাহ কৰা লোককেইজনে ৰচিদত ব্যাপক জালিয়াতি কৰা পৰিলক্ষিত হৈছে ৷ ৰচিদত গৰু কিনি অনাৰ সংখ্যা জালিয়াতি, গৰু ক্ৰয়ৰ ধনৰ জালিয়াতি কৰাৰ তথ্য পোহৰলৈ আহিছে ৷

গো-ব্যৱসায়ীকেইটাৰ পৰা সাংবাদিকে এই ব্যৱসায় সম্পৰ্কে জানিব বিচৰাত মাজুলীৰ পৰাই বৃহৎ গো-ব্যৱসায় চলাই থকা বুলি জনিবলৈ দিয়ে ৷ আনহাতে, এই চক্ৰৰ লগত জড়িত গোগামুখ বৰ্ষামুখৰ ৰুণু টাইড নামৰ ব্যৱসায়ীজনক বৰ্তমানেও আটক কৰিব পৰা নাই আৰক্ষীয়ে ।

লগতে পঢ়ক :দলগাঁৱৰ পৰা আটক PFI ৰ দৰং জিলাৰ সভাপতি আনিছ আহমেদ

Last Updated : Sep 27, 2022, 11:50 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.