গুৱাহাটী, ৫ মার্চ : মাজুলী বিধানসভা সমষ্টিৰ বাবে ৭ মার্চত অনুষ্ঠিত হ'বলগীয়া উপনির্বাচন মুক্ত, নিকা আৰু নিৰাপদভাৱে অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে নির্বাচন আয়ােগ (EC is ready for by election in majuli ) । ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েৰ নেতৃত্বত বিভাগীয় প্রতিটো শাখাই তৎপৰ হৈ আছে। আইন-শৃংখলা, ব্যয় আদি সকলাে দিশতে নিৰীক্ষণ কৰাৰ উদ্দেশ্যে নির্বাচন আয়ােগে ইতিমধ্যে কেন্দ্রীয় পর্যবেক্ষক নিয়ােগ কৰিছে ।
![majuli by election 2022 detail story](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-03-majuli-by-election-overall-story-7209925_05032022172513_0503f_1646481313_247.jpeg)
আনহাতে ফলপ্রসূ নিৰীক্ষণ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ নির্বাচন আয়ােগৰ নিদের্শনা অনুসৰি অসমৰ মুখ্য নির্বাচনী বিষয়াই ভােট গ্রহণৰ নিৰীক্ষণ প্রক্রিয়াত ৱেবকাষ্টিঙৰ ব্যৱস্থা সংযােগ কৰিছে। মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই জনোৱা মতে সমষ্টিটোৰ মুঠ ২০৩ টা ভােট গ্রহণ কেন্দ্ৰৰ প্রতিটোতে এই ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে ১৬৪টা মূল ভােট কেন্দ্ৰ আৰু ৩৯ টা সহযােগী ভােট কেন্দ্র ।
ৱেবকাষ্টিং ব্যৱস্থাৰ জৰিয়তে ভােট কেন্দ্ৰসমূহৰ ভােট গ্রহণ প্রক্রিয়া জিলা নির্বাচনী বিষয়াৰ কার্যালয়, মুখ্য নির্বাচনী বিষয়াৰ কার্যালয় আৰু নির্বাচন আয়ােগৰ কাৰ্যালয়ৰ পৰা পােনপটীয়াকৈ পর্যবেক্ষণ কৰিব পাৰিব। তদুপৰি ভােটকেন্দ্রসমূহৰ সুৰক্ষাৰ বাবে প্রতিটো ভােটকেন্দ্র স্থাপন কৰা স্থানত কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফ জোৱানৰ গােট মােতায়েন কৰা হৈছে। আনহাতে প্ৰতিটো ভােটকেন্দ্রতে ক'ভিড প্ৰট'কল মানি চলাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
উপনির্বাচনত মুঠ ৮১২ গৰাকী ভােটগ্রহণ বিষয় নিয়ােগ কৰা হ'ব। আনহাতে ভােট গ্রহণৰ বাবে ২০৩ টা বেলট ইউনিট, ২০৩ টা কন্ট্রোল ইউনিট আৰু ২০৩ টা ভিভিপিএটি মেচিন সাজু কৰি তােলা হৈছে । ইয়াৰ উপৰি প্রয়ােজন হ'লে ব্যৱহাৰ কৰিবলৈ পর্যাপ্ত সংখ্যক বেলট ইউনিট, কন্ট্রোল ইউনিট, ভিভিপিএটি মেচিনকে ধৰি ভােটগ্রহণ বিষয়া সষ্টম কৰি ৰখা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে, মাজুলী উপনিৰ্বাচনত তিনিগৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে । সোমবাৰে এই তিনিগৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব সমষ্টিটোত ১,৩৩,২২৭ গৰাকী ভােটাৰে। ইয়াৰ ভিতৰত ৬৭,৮১৯ গৰাকী পুৰুষ আৰু ৬৫,৪০৮ গৰাকী মহিলা আৰু ৪০০ গৰাকী ছাৰ্ভিচ ভােটাৰ আছে। আনহাতে এই উপনির্বাচনত ১৮-১৯ বছৰৰ ২,৯৬৫ গৰাকী, ১,৩৪০ গৰাকী ৮০বছৰৰ উৰ্দ্ধৰ আৰু ৪০০ গৰাকী বিশেষভাৱে সক্ষম ভােটাৰে ভােটাধিকাৰ সাব্যস্ত কৰিব। এই নির্বাচনত নাগৰিকৰ গণতান্ত্রিক অধিকাৰ ভােটদান সুনিশ্চিত কৰিবৰ বাবে মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই সংশ্লিষ্ট সকলােৰে প্রতি আহ্বান জনাইছে ।
লগতে পঢ়ক : মাজুলীত ভূমিপূজন কৰি বিজতৰীয়া সংস্কৃতি আনিলে বিজেপিয়ে : প্ৰদ্যুৎ বৰদলৈ