ETV Bharat / state

উজনি মাজুলীৰ বিধস্ত পথে জীয়াতু ভোগাইছে জনসাধাৰণক

author img

By

Published : Jun 1, 2021, 10:51 PM IST

উজনি মাজুলীবাসীৰ যাতায়তৰ মূল পথটো মেৰামতিৰ বাবে বিভিন্ন সময়ত দল সংগঠন, স্থানীয় লোকে লোক নিৰ্মাণ বিভাগক দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত বিভাগটোৰে কোনো গুৰুত্ব প্ৰদান নকৰাত অঞ্চলটোৰ লোকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

majuli bad road
উজনি মাজুলীৰ বিধস্ত পথে জীয়াতু ভোগাইছে জনসাধাৰণক

মাজুলী, 1 জুন : উজনি মাজুলীৰ অতি ব্যস্ততাপূৰ্ণ ফুলনি মায়ংগীয়া পকী পথটোৱে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক । বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰৰ সন্মুখৰ এই পথটোৰ প্ৰায় অংশত পুখুৰী সদৃশ গাঁত হৈ থকাৰ বাবে বৰষুণৰ পানী ভৰি পৰিছে ৷ যাৰবাবে যাতায়তৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে জনসাধাৰণৰ ৷

উজনি মাজুলীবাসীৰ যাতায়তৰ মূল পথটো পথ মেৰামতিৰ বাবে বিভিন্ন সময়ত দল সংগঠন, স্থানীয় লোকে লোক নিৰ্মাণ বিভাগক দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত বিভাগটোৰে কোনো গুৰুত্ব প্ৰদান নকৰাত অঞ্চলটোৰ লোকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টিটোত চৰকাৰখনে নতুনকৈ বহু পথ নিৰ্মাণ কৰিছে যদিও পূৰ্বে নিৰ্মিত পথসমূহ বৰ্তমান বিধস্ত হৈ পৰাৰ পাছতো কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত উজনি মাজুলীবাসীয়ে লোক নিৰ্মাণ বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

লগতে পঢ়ক : তিনিচুকীয়াত ভুলবশতঃ সৎকাৰ কৰা মৃতদেহটো প্ৰকৃততে কাৰ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.