ETV Bharat / state

মাজুলীৰ জৰাজীৰ্ণ পথত ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ

মাজুলীৰ আলিমুৰ, নতুন বোকোৰা হৈ গোৱাল গাঁৱলৈ যোৱা পথটো বিগত কেইবাবছৰ ধৰি মেৰামতিৰ অভাৱত প্ৰায় বিধস্ত হৈ পৰিছে । পথটো মেৰামতিৰ দাবীত ৰাইজে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে ।

MAJULI ROAD
মাজুলীৰ জৰাজীৰ্ণ পথত ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ
author img

By

Published : May 22, 2021, 2:54 PM IST

মাজুলী, ২২ মে': প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলীৰ কোনো কোনো অঞ্চলত এতিয়াও বিধস্ত হৈ আছে বহু বাট-পথ । এজাক বৰষুণ দিলেই বোকা পানীৰ মাজেৰে যাতায়ত কৰিবলগীয়া হয় গাঁওবাসী । যাৰ বাবে এইবাৰ পথৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ ৰাইজে ।

মাজুলীৰ জৰাজীৰ্ণ পথত ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ

উল্লেখ্য যে, মাজুলীৰ আলিমুৰ, নতুন বোকোৰা হৈ গোৱাল গাঁৱলৈ যোৱা পথটো বিগত কেইবাবছৰ ধৰি মেৰামতিৰ অভাৱত প্ৰায় সকলো সময়তে বোকাৰে ভৰি থাকে । বিজেপি চৰকাৰৰ শাসনৰ বিগত সময়চোৱাতো বহুবাৰ ৰাইজে আবেদন কৰিছে পথটো মেৰামতিৰ বাবে । কিন্তু আজিলৈ মেৰামতি নহ'ল পথটো ।

গাঁৱৰ কোনো লোকক জৰুৰীকালীনভাৱে হাস্পতাললৈ নিব লগা হ'লেও ৰাইজে বহুবাৰ চিন্তা কৰিবলগীয়া হয় । মুঠতে জৰাজীৰ্ণ পথটোৰ বাবে বিভিন্ন সমস্যাত পৰিছে অঞ্চলটোৰ ৰাইজ । সেয়ে অৱশেষত বোকাৰে ভৰি থকা পথটোত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে । সংবাদমাধ্যমৰ জৰিয়তে তেওঁলোকৰ সমস্যা চৰকাৰক অৱগত কৰাৰ লগতে অতি শীঘ্ৰে পথটো নিৰ্মাণৰ দাবী জনালে স্থানীয় লোকসকলে ।

লগতে পঢ়ক:প্ৰায় এমাহ এদিনৰ অন্তত স্ব-ভূমিত উপস্থিত ৰিতুল শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.