ETV Bharat / state

সাময়িকভাৱে স্থগিত হ’ল যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য

author img

By

Published : May 4, 2022, 8:23 PM IST

নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই যোৰহাট-মাজুলী সংযোগী দলঙত মেলিছে চিৰাল ফাঁট (Jorhat Majuli Bridge has cracked) ৷ মাজুলীবাসীৰ বহু প্ৰত্যাশিত যোৰহাট-মাজুলী সংযোগী দলঙখনক লৈ এতিয়া চিন্তিত মাজুলীবাসী ৷ যাৰ বাবে দল-সংগঠনৰ প্ৰতিবাদৰ অন্তত বৰ্তমান বন্ধ কৰি দিয়া হৈছে যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য ৷ কাৰিকৰী দলে নিৰ্মাণৰত অৱস্থাত থকা দলঙৰ 12 টা খুঁটাৰ বহন ক্ষমতা পৰীক্ষা কৰাৰ অন্ততহে পুনৰ দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ নিৰ্দেশ জাৰি কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ কাৰ্যবাহী অভিযন্তা (ৰাজ্যিক) প্ৰশান্ত শইকীয়াই ৷

Jorhat Majuli Bridge
যোৰহাট মাজুলী সংযোগী দলঙত মেলিছে চিৰাল ফাঁট

মাজুলী, 4 মে’ : সাময়িকভাৱে স্থগিত ৰখা গৈছে যোৰহাট মাজুলীৰ দলঙৰ নিৰ্মাণ কাৰ্য (Jorhat Majuli connecting Bridge) ৷ কাৰিকৰী দলে নিৰ্মাণৰত অৱস্থাত থকা দলঙৰ 12 টা খুঁটাৰ বহন ক্ষমতা পৰীক্ষা কৰাৰ পাচতহে এই নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ কৰা হ’ব ৷ এই কথা ঘোষণা কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ কাৰ্যবাহী অভিযন্তা(ৰাজ্যিক) প্ৰশান্ত শইকীয়াই ।

উল্লেখ্য যে, মাজুলী যোৰহাট সংযোগী দলঙৰ মাজুলী দিশৰ খুঁটা সমূহৰ নিৰ্মাণ কাৰ্য (Jorhat Majuli bridge construction) অব্যাহত থকাৰ মাজতে বিগত 1 মে’ত 8 আৰু 11 নম্বৰৰ দুটাকৈ খুঁটাত বৃহৎ ফাঁট মেলাৰ তথ্য পোহৰলৈ আহিছিল ৷ তাৰ পাচতে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

Jorhat Majuli Bridge
সাময়িক ভাৱে বন্ধ ঘোষণা যোৰহাট মাজুলীৰ দলঙৰ নিৰ্মাণ কাৰ্য

আনহাতে, সাংবাদিকৰ দল আৰু স্থানীয় দল সংগঠনৰ প্ৰতিনিধিয়ে দলং নিৰ্মাণকাৰী সংস্থাক জবাবদিহি কৰাৰ পিছত নিৰ্মাণ স্থলীত উপস্থিত হৈছিল ৰাষ্ট্ৰীয় ঘাইপথ যোৰহাটৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নিখিলেশ ভট্টাচাৰ্য । এই বাতৰি সম্প্ৰচাৰ হোৱা পাচতে দলং নিৰ্মাণ স্থলীত উপস্থিত হয় মাজুলীৰ বিধায়ক ভূৱন গাম আৰু মাজুলীৰ উপায়ুক্ত পুলক মহন্ত ৷

লগতে পঢ়ক : দলঙৰ গাঁতত সোণ বিচাৰি মাজুলীত ৰাইজৰ হেতা ওপৰা

মাজুলীৰ উপায়ুক্তগৰাকীৰ তৎপৰতাত মাটিৰে পুতি পেলোৱা দলঙৰ 8 নম্বৰৰ খুঁটাৰ ফাঁট মেলা অংশ জেচিবিৰে খান্দি পৰীক্ষা কৰা হয় ৷ তাৰ পিছতে উপায়ুক্ত গৰাকীৰ নিৰ্দেশত দলঙৰ 8 নম্বৰৰ খুঁটাটোৰ নিৰ্মাণ কাৰ্য সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল । বহু প্ৰত্যাশিত যোৰহাট মাজুলীৰ দলঙৰ নিৰ্মাণত দলং খনৰ মূল নিৰ্মাণকাৰী সংস্থা UP State Bridge Corporation য়ে প্ৰাৰম্ভিক অৱস্থাতে অনিয়ম সংঘটিত কৰাৰ খবৰে এতিয়া তোলপাৰ লগাইছে ৰাজ্য ৷

আনকি মাজুলী যোৰহাট দলং নিৰ্মাণ স্থলীত উপস্থিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু উপ সভাপতি হেমচন্দ্ৰ গোস্বামী, মাজুলী জিলা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মুনীন্দ্ৰ ভূঞা আৰু সাঃ সম্পাদক পবিত্ৰ বৰাসহ পৰিষদৰ অৰ্ধ শতাধিক নেতা-কৰ্মীৰ এটা ৷

লগতে পঢ়ক : Jorhat Majuli bridge: দলং নিৰ্মাণত ক্ষতিগ্ৰস্ত সকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান নকৰাৰ অভিযোগ

এই দলটোৱে দলং নিৰ্মাণ স্থলীত বিসংগতি হোৱা 8 আৰু 11 নম্বৰৰ খুঁটা পৰিদৰ্শন কৰে ৷ তাৰ পাচতে নিৰ্মাণকাৰী সংস্থা আৰু ৰাষ্ট্ৰীয় ঘাইপথ যোৰহাটৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নিখিলেশ ভট্টাচাৰ্যৰ সৈতে এক আলোচনাত মিলিত হয় ৷ লগতে ৰাষ্ট্ৰীয় ঘাইপথ কাৰ্যবাহী অভিযন্তা প্ৰশান্ত শইকীয়াৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই মাজুলীৰ বহু আকাংক্ষিত সপোনৰ দলং খন নিখুঁতভাৱে নিৰ্মাণ হ’ব লাগিব বুলি উল্লেখ কৰে ৷

লগতে প্ৰতিটো খুঁটা কাৰিকৰী দলৰ হতুৱাই পৰীক্ষা নকৰা পৰ্যন্ত কাম বন্ধ ৰখাৰ দাবী উত্থাপন কৰে । ইয়াৰ পিছতে সহকাৰী কাৰ্যবাহী অভিযন্তা নিখিলেশ ভট্টাচাৰ্যই কেৱল বিসংগতি থকা 8 আৰু 11 নম্বৰৰ খুঁটাই নহয় দলঙৰ নিৰ্মাণৰত 12 টা খুঁটাই কাৰিকৰী দলে পৰীক্ষা নকৰা পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰে ।

লগতে পঢ়ক : খুঁটা পোতোতেই মেলিছে ফাঁট; সুকলমে নিৰ্মাণ হ’বনে যোৰহাট-মাজুলী দলং !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.