ETV Bharat / state

Women's Day celebration: আউনীআটী আলিমুৰত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন - Innovation and technology for gender equality

মাজুলীত বিভিন্ন কাৰ্যসূচীৰে উদযাপিত হ'ল আন্তৰ্জাতিক নাৰী দিৱস (womens day celebration in majuli) ৷ মাজুলীৰ আউনীআটী আলিমুৰত উদযাপন কৰা হয় নাৰী দিৱস ৷ মাজুলী জিলা মহিলা সমিতি, আইন সাহাৰ্য কোষ আৰু ইমপেক্ট এন ইৰ উদ্যোগত আৰু আউনীআটী আলিমুৰ শংকৰ শিৰোমণি মহিলা সমিতিৰ সহযোগত উদযাপন কৰা হয় এই দিৱসৰ ৷

Womens Day celebration
মাজুলীত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন
author img

By

Published : Mar 9, 2023, 3:14 PM IST

মাজুলী, 9 মাৰ্চ: প্ৰতি বছৰে 8 মাৰ্চৰ দিনটোত সমগ্ৰ বিশ্বতে উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস ৷ নাৰীসকলক বিশেষ স্বীকৃতি দিবলৈ লগতে নাৰীৰ অধিকাৰৰ প্ৰতি সজাগতা তথা সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে বিশ্বজুৰি 8 মাৰ্চৰ দিনটোত উদযাপন কৰা হয় এই আন্তৰ্জাতিক নাৰী দিৱস ৷ প্ৰতি বছৰে এক নিৰ্দিষ্ট বিষয়বস্তৰ আধাৰত উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস ৷ 2023 বৰ্ষৰ আন্তৰ্জাতিক নাৰী দিৱসৰ বিষয়বস্ত হৈছে ‘‘ডিজিটেল: লিংগ সমতাৰ বাবে উদ্ভাৱন আৰু প্ৰযুক্তি’’ (Innovation and technology for gender equality) ৷

সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা অসমতো যোৱা 8 মাৰ্চৰ দিনটোত বিভিন্ন প্ৰান্তত, বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হ'ল আন্তৰ্জাতিক নাৰী দিৱস ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে যোৱা বুধবাৰে মাজুলীতো বিভিন্ন কাৰ্যসূচীৰে উদযাপিত হ'ল আন্তৰ্জাতিক নাৰী দিৱস 2023 ৷ মাজুলীৰ আউনীআটী (Auniati Majuli District) আলিমূৰত উদযাপন কৰা হয় নাৰী দিৱস ৷ মাজুলী জিলা মহিলা সমিতি, আইন সাহাৰ্য কোষ আৰু ইমপেক্ট এন ইৰ উদ্যোগত আৰু আউনীআটী আলিমুৰ শংকৰ শিৰোমণি মহিলা সমিতিৰ সহযোগত উদযাপন কৰা হয় এই দিৱসৰ ৷ মাজুলীৰ আলিমূৰ বোকোৰা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ ৷

নাৰী দিৱস উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানত বৰ্তমান সময়ত চৰ্চিত আৰু স্পৰ্শকাতৰ এক বিষয় 'বাল্য বিবাহ আৰু ইয়াৰ কু-প্ৰভাৱ' (Assam child marriage crackdown) শীৰ্ষক বিষয়ৰ ওপৰত আলোকপাত কৰে স্বেচ্ছাসেৱী সংগঠন ইমপেক্ট এন ইৰ সচিব নীলমণি গায়ন আৰু ৰুবী সভাপণ্ডিতে । এই গুৰুত্বপূৰ্ণ সভাখনত মাজুলীৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত থকা বহু কেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

এই সভাৰ পৰাই সকলো নাৰীলৈ উপযুক্ত বয়সতহে বিয়া হোৱাৰ বাবে আৰু প্ৰতি গৰাকী মাতৃক নিজৰ সন্তানক উপযুক্ত বয়সতহে বিয়া দিয়াৰ আহ্বান জনোৱা হয় ৷ উল্লেখযোগ্য যে, যোৱা বুধবাৰৰ দিনটোত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয় আন্তৰ্জাতিক নাৰী দিৱস ৷

লগতে পঢ়ক : Asam Sahitya Sabha: অসম সাহিত্য সভাই নিৰ্মাণ কৰিব সংগ্ৰহালয়, অভিলেখাগাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.