মাজুলী, 5 আগষ্ট : বিশ্বায়নৰ যুগত অৰ্থনৈতিক ধামখুমীয়াত উদাসীন সত্ৰৰ পৰম্পৰাৰ 550 বছৰীয়া স্বৰ্ণিল ঐতিহ্যৰ প্ৰতি আহিছে চৰম প্ৰত্যাহ্বান ৷ ক্ৰমাৎ কমিবলৈ ধৰিছে উদাসীন সত্ৰৰ বৈষ্ণৱৰ সংখ্যা ৷ প্ৰত্যাহ্বানৰ মাজতো সগৌৰৱে জিলিকি আছে উদাসীন সত্ৰৰ সত্ৰীয়া পৰম্পৰা ৷ পৰিয়াল পৰিকল্পনা, যুৱপ্ৰজন্মৰ সত্ৰৰ প্ৰতি অনিহা, শিশু আনয়নত ভয়াৱহ প্ৰত্যাহ্বান, আৰ্থিক দৈনতাৰ বাবে উদাসীন সত্ৰত বৈষ্ণৱৰ সংখ্যা দিনক দিনে হ্ৰাস পাইছে ৷
লগতে পঢ়ক : আহোম ঐতিহ্য বহনকাৰী মাজুলীৰ এখন বিশেষ বিচনী
ইয়াৰ মাজতো একাংশ সংস্কৃতিবান পৰিয়ালৰ মহানুভৱতাৰ বাবে জীয়াই আছে এই পৰম্পৰা ৷ 2 বছৰৰ পৰা তিনিবছৰৰ কণমানি দেৱশিশুক পিতৃ-মাতৃৰ বুকুৰ পৰা মায়াৰ বান্ধোন ছিঙি উদাসীন সত্ৰত বৈষ্ণৱ সকলে লালন-পালন কৰে ৷ উদাসীন বৈষ্ণৱ সকলে সত্ৰলৈ লৈ অনা শিশুটিক পিতৃ-মাতৃৰ দৰে আপদাল কৰে, সংস্কাৰ প্ৰদান কৰে, সৎ মানুহৰ দিক দৰ্শন দিয়ে ৷ সত্ৰীয়া নৃত্য, গীত, বাদ্য, ভাওনাৰ শিক্ষা প্ৰদান কৰি একো একোজন সত্ৰীয়া শিল্পী হিচাপে গঢ়ি তোলে ৷
উপাসনাৰ থলীত দুজনা গুৰুৰ অমৰ সৃষ্টি উপাসনাৰ মাধ্যম হিচাপে সত্ৰীয়া শিক্ষা প্ৰদান কৰে ৷ এক ঐশ্বৰিক শক্তি অন্তৰ্নিহিত হৈ আছে গুৰু দুজনাৰ উদাসীন পৰম্পৰা জীৱন চৰ্যাত ৷ এখন সুকীয়া পৃথিৱী য'ত আছে সুকীয়া ৰীতি-নীতি আৰু জীৱন শৈলী ৷ য'ত নাই মায়াৰ বান্ধোন, বৈষয়িক সুখ, কামনা-বাসনা ৷ য'ত কেৱল কৃষ্ণস্ত ভগৱান স্বয়ম ৷ যি কেৱল ঈশ্বৰ উপসনা সংস্কৃতিৰ সাধনা ৷
লগতে পঢ়ক : কালৰ বুকুত বিলীন হোৱাৰ পথত ধুৱাহাট বেলগুৰি সত্ৰ
যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা দূৰৈত এই জীৱন চৰ্যা ৷ এনেদৰে পাৰ হয় একো একোজন উদাসীন বৈষ্ণৱৰ জীৱন ৷ ৰামধেনুৰ ৰং নাই যদিও সুকীয়া মাদকতা আছে, লগতে আছে সুন্দৰৰ সাধনাৰ তৃপ্তি ৷ সত্ৰত এটি দেৱ শিশু মাহৰ পাছত বছৰ পাৰ হৈ এদিন যৌৱনপ্ৰাপ্ত হয় ৷ যৌৱনৰ সহজাত চঞ্চলতাই জোঁকাৰি যায় ৷ জটিল সময়ত নিজকে সমৰ্পন কৰি সংযমৰ ক্ষুৰৰ সাঁকো বগাব পাৰিলে একোজন পৰম বৈষ্ণৱ হৈ পৰে ৷
যান্ত্ৰিকতাৰ বিশ্বায়নৰ পৃথিৱীত যেন এই পৰম্পৰা একাংশৰ বাবে হাস্যকৰ, তথাপিও একাংশ বৈষ্ণৱে সমাজৰ বাবে জীৱন-যৌৱন ত্যাগ কৰি সংস্কৃতিৰ বৰভড়ালটোৰ ৰখীয়া হৈ সত্ৰীয়া সংস্কৃতিক বিশ্ব দৰবাৰলৈ নিবলৈ সক্ষম হৈছে ৷ যুগে যুগে গুৰু প্ৰদত্ত সংস্কৃতি জীয়াই থাকিব ৷ কাৰণ প্ৰত্যাহ্বানকো নেওচি জীয়াই আছে সত্ৰীয়া সংস্কৃতিৰ স্বৰ্নিল ইতিহাস ৷
লগতে পঢ়ক : মাজুলীৰ এগৰাকী সত্ৰাধিকাৰৰ হিয়াভগা কান্দোন