ETV Bharat / state

Centennial Hemchandra HS School: আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ

বৃহস্পতিবাৰে শুভাৰম্ভণি হ’ল মাজুলীৰ প্ৰথমখন উচ্চশিক্ষা প্ৰতিষ্ঠানৰ শতবৰ্ষ উদযাপনৰ কাৰ্যসূচী ৷ ১৯২৪ চনত স্থাপিত মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ভৰি দিলে এশ বছৰত (Centennial Hemchandra HS School)৷

Centennial Hemchandra HS School
আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ
author img

By

Published : Jan 5, 2023, 10:07 PM IST

আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ

মাজুলী, 5 জানুৱাৰী : সত্ৰনগৰী মাজুলীৰ এক অগ্ৰণী শিক্ষানুষ্ঠান হ’ল মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় (Hemchandra Higher Secondary School Majuli)৷ ১৯২৪ চনতেই বহুকেইগৰাকী ত্যাগী ব্যক্তিৰ অশেষ শ্ৰম আৰু ৰাইজৰ সহযোগত স্থাপন হোৱা মাজুলীৰ প্ৰথমখন মাধ্যমিক বিদ্যালয় মাজুলী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷

উক্ত বিদ্যালয়খনৰ শতবৰ্ষ উদযাপনৰ বৰ্ষজোৰা কাৰ্যসূচীৰ বৃহস্পতিবাৰে শুভাৰম্ভ হয় (Centennial Hemchandra HS School)৷ বৃহস্পতিবাৰে আৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি এক বৰ্ণাঢ্য সংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় ৷ এই বৰ্ণাঢ্য সংস্কৃতিক শোভাযাত্ৰাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে মাজুলীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিস্থান আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে । ইয়াৰোপৰি অনুষ্ঠানত অংশগ্ৰহণ কৰে আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামীয়েও(Satradhikar Pitambar Deva Goswami) ৷ শুভাৰম্ভণিৰ দিনটোৰ কাৰ্যসূচীসমূহৰ অন্তত নিশা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় (Cultural night at Hemchandra HS School)৷

শতবৰ্ষ উদযাপনৰ শুভাৰম্ভণি হোৱাৰ পাছত বছৰজুৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ হৈ থাকিব আৰু ২০২৪ চনৰ জানুৱাৰী মাহত তিনিদিনীয়া কায্যসূচীৰে এই অনুষ্ঠানৰ সামৰণি পৰিব বুলি বিদ্যালয়খনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে এই বছৰজোৰা কাৰ্যসূচীত সকলো ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে ।

ইয়াৰোপৰি অধ্যক্ষগৰাকীয়ে কয় যে বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা যিমান পাৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ লগত যোগাযোগ কৰি থকা হৈছে আৰু যিসকলে এই অনুষ্ঠানৰ বিষয়ে জ্ঞাত হৈছে সকলোকে বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন মাজুলীৰ মাতৃবিদ্যালয় হিচাবে অভিহিত কৰা হয় (First higher education institute Majuli)৷ 1924 চনতে প্ৰতিষ্ঠা কৰা উক্ত বিদ্যালয়খনেই হ’ল মাজুলীৰ উচ্চশিক্ষাৰ প্ৰথম বিদ্যালয় ৷ উক্ত বিদ্যালয়খনৰ পৰাই মাজুলীত উচ্চশিক্ষাৰ প্ৰসাৰণ ঘটিছিল ৷

লগতে পঢ়ক: Assam CM Bhumipujan at Khanapara : খানাপাৰাত ৫০০০ আসনযুক্ত আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ ভূমি পূজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.