মাজুলী,২২ মে' : আৰক্ষী বিষয়া জোনমণি ৰাভাৰ প্ৰাক্তন প্ৰেমিক তথা প্ৰৱঞ্চক ৰাণা পগাগ এতিয়াও মাজুলী আৰক্ষীৰ জিম্মাতে আছে (Rana Pogag is in custody of Garmur police)। দেওবাৰে আৰক্ষী জিম্মাৰ অন্তিম দিন । কাইলৈ অৰ্থাৎ সোমবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব প্ৰৱঞ্চক ৰাণা পগাগক । তদন্তৰ সময়চোৱাত ইতিমধ্যে মাজুলী আৰক্ষীয়ে বিভিন্ন তথ্য উদ্ধাৰ কৰিছে ।
ৰাণা পগাগে লোৱা ভাড়া ঘৰৰ সকলো নথি-পত্ৰৰ লগতে ৰাণা আৰু আৰক্ষী বিষয়া জোনমণি ৰাভাই ব্যৱহাৰৰ কৰা কম্পিউটাৰো জব্দ কৰিছে মাজুলী আৰক্ষীয়ে (Police seized computer of Rana Pogag)। ৰাণা পগাগৰ তিনিটাকৈ বেংক একাউণ্ট ইতিমধ্যে আৰক্ষীয়ে বাজেয়াপ্ত কৰিছে । যদিও এই গোটেই বিষয়টোত SI জোনমণি ৰাভাৰ নাম ওলাই আছে তথাপিও বৰ্তমান সময়লৈকে জোনমণি ৰাভাৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই মাজুলী আৰক্ষীয়ে (SI Joonmoni Rabha controversy)।
অৱশ্যে ৰাণা পগাগক পুনৰ আৰক্ষী জিম্মাত লোৱাৰ সম্ভাৱনা আছে । ইতিমধ্যে ৰাণা পগাগৰ বিৰুদ্ধে তিনিটাকৈ গোচৰ ৰুজু হৈছে । ইয়াৰে এটা মাজুলীৰ কমলাবাৰী থানাত আৰু আন দুটা গোচৰ মাজুলীৰ গড়মূৰ থানাত ।
উল্লেখ্য প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৰাণা পগাগ (Rana Pogag arrested in cheating case)। আৰক্ষী বিষয়া জোনমণি ৰাভাইও প্ৰাক্তন প্ৰেমিক ৰাণাৰ বিৰুদ্ধে অভিযোগ আনিছে । অৱশ্যে পৰৱৰ্তী সময়ত এই প্ৰৱঞ্চনাত জোনমণি ৰাভাৰ নামো সাঙোৰ খাই পৰে । আনহাতে ৰাণা পগাগৰ বিৰুদ্ধে মাজুলীত ৰুজু হোৱা গোচৰৰ পাছতে নগাঁৱৰ বিশেষ কাৰাগাৰৰ পৰা আদালতৰ অনুমতি লৈ মাজুলীলৈ অনা হয় প্ৰৱঞ্চক ৰাণা পগাগক ।
প্ৰৱঞ্চক ৰাণা পগাগক মাজুলীলৈ অনাৰ পিছত আৰক্ষীয়ে পাঁচদিনৰ জিম্মাত লৈ আৰম্ভ কৰিছে মাৰাথন জেৰা । সম্প্ৰতি মাজুলীৰ গড়মূৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৰাণাক (Rana Pogag interrogated at Garmur police station) । ৰাণা পগাগৰ বাবেই শেহতীয়াকৈ আৰক্ষী বিষয়া জোনমণি ৰাভাও চৰ্চাত আছে ।