মাজুলী, 16 মাৰ্চ: বিতৰ্কত সোমাই পৰিছে দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী ৷ সত্ৰাধিকাৰগৰাকীৰ বিৰুদ্ধে ফুলনি আৰক্ষী চকীত দাখিল কৰা হৈছে এক গোচৰ ৷ 124 জনৰ স্বাক্ষৰ সম্বলিত এজাহাৰ দাখিল সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে ৷ এজন ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি সত্ৰাধিকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে একাংশ লোক ৷ বিদ্যালয়ৰ ছাত্ৰক ঘৰুৱা কামত নিয়োগ কৰাৰো অভিযোগ উঠিছে সত্ৰাধিকাৰগৰাকীৰ বিৰুদ্ধে ৷ ধনৰ লোভ দেখুওৱা আৰু ছাত্ৰক বিদ্যালয়ৰ পৰা লৈ আনিলে পৰিয়ালক ধন বিচৰাৰ অভিযোগ তুলিছে এজাহাৰকাৰীয়ে (FIR against satradhikar Janardan Dev Goswami) ৷
বুধবাৰে দক্ষিণপাট আশ্ৰমী সত্ৰৰ ৰমানন্দ দেৱ বেদ পাঠশালাৰ নিৰ্মীয়মান পকী বেৰ খহি এজন ছাত্ৰৰ মৃত্যু হৈছিল । মৃত ছাত্ৰজন নৱম শ্ৰেণীৰ বিকাশ ছেত্ৰী আৰু ছাত্র জনৰ বয়স ১৪ বছৰ । মাজুলীৰ ফুলনিৰ দিলবাহাদুৰ চেত্ৰী আৰু ৰেণুকা ছেত্ৰীৰ পুত্ৰ আছিল বিকাশ নামৰ ছাত্ৰজন । পুত্ৰৰ আকস্মিক মৃত্যুত শোকত ভাগি পৰিছে তেওঁৰ পিতৃ-মাতৃৰ লগতে তেওঁৰ পৰিয়ালবৰ্গ (Student died after wall collapse)।
লগতে পঢ়ক: HSLC question paper leak : ১০০ টকাতো বিক্ৰী হৈছিল প্ৰশ্নকাকত !
বিকাশৰ আকস্মিক মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোতে । কিন্তু মৃত্যু ২৪ ঘণ্টা পাৰ হৈ যোৱাৰ পাচতো এবাৰলৈও পৰিয়ালৰ লোকৰ খবৰ নকৰিলে আশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দন দেৱ গোস্বামীৰ লগতে বিদ্যালয়ৰ শিক্ষকসকলে । যাৰ ফলশ্ৰুতিত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল (Student died in Majuli Veda Vidalaya) ।
বৃহস্পতিবাৰৰ ভিতৰত সত্ৰাধিকাৰ তথা বিদ্যালয়ৰ শিক্ষকে খবৰ নকৰিলে গোর্খা জনগোষ্ঠীৰ লোকে বেদ বিদ্যালয়খন পেট্ৰ’ল ঢালি জ্বলাই দিয়াৰ হুংকাৰ প্ৰদান কৰিছে । এই গোটেই বিষয়টোৰ উচিত তদন্ত বিচাৰি বিকাশ ছেত্ৰী নামৰ ছাত্রজনৰ গাঁৱৰ লোকে দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী বিৰুদ্ধে গোচৰ ৰুজু কৰিলে ফুলনি আৰক্ষী চকীত (Fir against Satradhikar)।
সৰ্বমুঠ ১২৪ জনৰ স্বাক্ষৰিত এজাহাৰ দাখিল কৰা হৈছে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে । ইফালে উজনি ৰাজহ চক্ৰ বিষয়াৰ সন্মুখত জনাৰ্দন দেৱ গোস্বামী গ'বেগ ধ্বনি দিলে অঞ্চলটোৰ লোকসকলে ৷ গোটেই বিষয়টোৰ উচিত তদন্ত বিচাৰিছে উত্তেজিত জনতাই ।