মাজুলী, 13 এপ্ৰিল : পুনৰ লুইতৰ মাজত আৱদ্ধ হ’ল ফেৰী ৷ ফেৰীখন নিমাতিৰ পৰা কমলাবাৰী অভিমুখে আহি আছিল ফেৰীখন (Ferry to Kamalabari stuck in Brahmaputra) ৷ আবেলি 5.55 বজাত নিমাটিৰ পৰা আহিছিল এই ফেৰীখন ৷
জানিব পৰা মতে, প্ৰায় 44 জন যাত্ৰীৰে সৈতে 3 খন গাড়ী আৰু 35 খনৰো অধিক বাইক আছে ফেৰীখনত ৷ ফেৰীখন বালিচৰত আৱদ্ধ হৈ পৰা ফলত যাত্ৰীসকলৰ মাজত এক হাহাকাৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছে ৷ ইফালে ফেৰীখন লাগি থকা ঠাইডোখৰ বাম হোৱা বাবে আন ফেৰী উদ্ধাৰৰ বাবে যাবলৈ অসুবিধাৰ সৃষ্টি হৈছে ৷
ইতিমধ্যে, আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ লোক ফেৰীখন আৱদ্ধ হোৱা ঠাইডোখৰলৈ ৰাওনা হৈছে ৷ পিছে এই পৰ্যন্ত ফেৰীখন নৈৰ মাজতে আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰে পুনৰ প্ৰৱৰ্তন কৰিব লটাৰী