মাজুলী, 3 নৱেম্বৰ : শুকুৰবাৰে মাজুলীত উপস্থিত হয় বৈদেশিক পৰিক্ৰমা আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড৹ ৰাজ কুমাৰ ৰঞ্জন সিং । মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ মুখা আৰু ইয়াৰ নিৰ্মাণ কৌশল প্ৰত্যেক্ষ কৰি অভিভূত হৈ পৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড৹ ৰাজকুমাৰ ৰঞ্জন সিং ৷
চামগুৰি সত্ৰত মুখা নিৰ্মাণৰ পৰম্পৰাই তেওঁক অধিক আকৰ্ষিত কৰে বুলি তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ অসমৰ ঐতিহ্য তথা মহাপুৰুষ গুৰুজনাৰ আদৰ্শ সুৰক্ষিত কৰি ৰখাৰ বাবে চামগুৰি সত্ৰৰ মুখা শিল্পীসকলক উৎসাহিত কৰি এই পৰম্পৰা ৰক্ষাৰ আহ্বান জনায় বৈদেশিক পৰিক্ৰমা আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড৹ ৰাজ কুমাৰ ৰঞ্জন সিঙে ৷
আনকি সমাগত ৰাসলীলাৰ বাবে প্ৰয়োজনীয় মুখা নিৰ্মাণত ব্যস্ত হৈ থকা শিল্পীসকলৰ কৰ্মব্যস্ততা দেখিও আনন্দিত হৈ পৰে মন্ত্ৰীগৰাকী ৷ আনহাতে, মুখাশিল্পৰ ঐতিহ্য বহনকাৰী সত্ৰখনৰ ডেকা সত্ৰাধিকাৰগৰাকীয়ে মন্ত্ৰীগৰকীক এটি গৰুড়ৰ মুখাৰে আদৰণি জনায় ৷
চামগুৰি সত্ৰৰ পৰা মন্ত্ৰীগৰাকীয়ে গৈ গড়মূৰ সত্ৰত উপস্থিত হয় ৷ তাতে তেওঁ গড়মূৰ সত্ৰৰ গুৰুগৃহত সংৰক্ষিত সাঁচিপাত আৰু সাঁচিপাতৰ দ্বাৰা নিৰ্মিত হেঙুল হাইতাল প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে ৷ সত্ৰসমূহত এন ঐতিহাসিক সম্পদসমূহ আজিও সুৰক্ষিত হৈ থকাটো এক আদৰণীয় পদক্ষেপ বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷
মহাপুৰুষ গুৰুজনাৰ আদৰ্শ বা কৰ্মৰাজীৰে নিৰ্মিত সকলো আপুৰুগীয়া সম্পদ প্ৰত্যক্ষ কৰাৰ অন্তত উত্তৰ কমলাবাৰী সত্ৰত আয়োজন কৰা এটি সত্ৰীয়া সংস্কৃতি অনুষ্ঠানতো অংশগ্ৰহণ কৰে বৈদেশিক পৰিক্ৰমা আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ৷ শুকুৰবাৰে মাজুলী ভ্ৰমণৰ সময়চোৱাত মন্ত্ৰী ড৹ ৰাজ কুমাৰ ৰঞ্জন সিঙৰ সৈতে উপস্থিত আছিল তেওঁৰ পত্নীও ৷
লগতে পঢ়ক : Congress slams BJP: পিয়াঁজেই সৰ্বনাশ মাতিছিল কংগ্ৰেছ দললৈ বুলি কিয় ক’লে বিৰোধী দলপতিয়ে ?