মাজুলী, 3 নৱেম্বৰ: শেহতীয়াকৈ ৰাজ্যৰ বিজেপি চৰকাৰে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজন আঁচনিৰ খাদ্য যোগানৰ দায়িত্ব এন জি অক প্ৰদান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে ৷ যি সময়ত চৰকাৰৰ এই অদূৰদৰ্শী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ-ধৰ্মঘট অব্যাহত আছে সেইসময়তে চৰকাৰৰ এই পদক্ষেপক চূড়ান্ত অৰ্কমণ্যতাৰ নিৰ্দশন আখ্যা দিলে প্ৰাক্তন মন্ত্ৰী জনে ৷
দেওবাৰে মাজুলীত সাংবাদিকৰে হোৱা মুখা-মুখিত জেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে, "এসময়ত কংগ্ৰেছ চৰকাৰে গঢ়ি থৈ যোৱা সমূহ সম্পত্তি এপদৰ পাছত এপদকৈ নিজ ব্যক্তিগত সম্পত্তিৰ দৰে বিক্ৰী কৰিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ তথা অসমৰ বিজেপি চৰকাৰখনে ৷" ইফালে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন তৈয়াৰৰ কামত নিয়োজিত হৈ থকা ১ লাখ ১৭ হাজাৰ ৰান্ধনীৰ ভৱিষ্যতক অন্ধকাৰলৈ ঠেলা চৰকাৰৰ এই পদক্ষেপক প্ৰতাৰণা আখ্যা দিয়ে ৰাজীৱ লোচন পেগুৱে ৷ শেষত বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰী সকলক মধ্যাহ্ন ভোজন ৰান্ধি দি অহা এই ৰান্ধনী সকলক অতি শীঘ্ৰে নিজৰ হেৰুৱা চাকৰি উভতাই দি পূৰ্বৰ ব্যৱস্থা বাহাল ৰাখিবলৈ চৰকাৰক অনুৰোধ জনাই প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷