ETV Bharat / state

মাজুলীৰ মলয়া চাপৰিত সোৱণশিৰিৰ ভয়াৱহ খহনীয়া(erosion)

নিজে হাতেৰে ভাঙিছে অতি কষ্টেৰে সজা আপোন ঘৰখন । সোৱণশিৰি(Subansiri) নদীৰ কালৰূপী খহনীয়া(erosion)ই চকুৰ টোপনি হৰিছে নামনি মাজুলীৰ নৈপৰীয়া ৰাইজৰ । প্ৰাণৰ মমতাত নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বহু পৰিয়াল ।

Erosion in Lower Majuli
মাজুলীৰ মলয়া চাপৰিত সোৱণশিৰিৰ ভয়াৱহ খহনীয়া
author img

By

Published : Jun 14, 2021, 6:20 PM IST

মাজুলী, ১৪ জুন: সোৱণশিৰি(Subansiri) নদীৰ খহনীয়া(erosion)ই কালৰূপ ধাৰণ কৰিছে নামনি মাজুলীৰ মলয়া চাপৰিত । খহনীয়াই ঘৰ-মাটি উছন কৰাৰ আশংকাত চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । এয়া প্ৰথম নহয়, প্ৰতি বছৰে বাৰিষা হ'লেই মলয়া চাপৰিত বাস কৰা এই লোকসকলৰ বিপদৰ সন্মুখীন হ'বলগীয়া হয় ।

এইবাৰো ব্যতিক্ৰম নহয় । ঘৰ-মাটি হেৰুওৱাৰ আশংকাত দিন কটাবলগীয়া হৈছে এই লোকসকলে । আসন্ন বিপদৰ পৰা ৰক্ষা পৰিবলৈ ইতিমধ্যে দুটা পৰিয়ালে নিৰাপদ স্থানলৈ স্থাানন্তৰ হৈছে । নিজে হাতেৰে সপোনৰ ঘৰখন ভাঙিবলগীয়া হৈছে ।

মাজুলীৰ মলয়া চাপৰিত সোৱণশিৰিৰ ভয়াৱহ খহনীয়া

এই পৰ্যন্ত মাজুলীৰ উক্ত অঞ্চলটোত বাস কৰা বহু পৰিয়ালৰ খেতি মাটি খহনীয়াত জাহ গৈছে । ফলত দিশহাৰা হৈ পৰিছে নদীৰ পাৰত বাস কৰা লোকসকল । সোৱণশিৰি নদীয়ে এফালৰ পৰা গ্ৰাস কৰিছে অঞ্চলটোৰ ৰাইজৰ ঘৰ, কৃষিভূমি ।

ইফালে, মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ দায়িত্ব লোৱা ব্ৰহ্মপুত্ৰ ব'ৰ্ড(BRAHMAPUTRA BOARD)ক শেষতীয়াকৈ মাজুলীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বহু কোটি টকা মোকলাই দিয়াৰ পাছতো কিয় অঞ্চলটোত এইপৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ।

যোৱা মাহত, অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা(Piyush Hazarika),স্থানীয় বিধায়ক সৰ্বানন্দ সোনোৱাল, লোকসভাৰ সাসংদ প্ৰদান বৰুৱা আৰু শক্তিমন্ত্ৰী বিমল বৰাই মাজুলীৰ খহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিভ্ৰমন কৰে যদিও উক্ত খহনীয়াগ্ৰস্ত গাওঁখন পৰিভ্ৰমণ নকৰিলে । সেয়ে, ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংযোজন ১২০ খন বিচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.