ETV Bharat / state

Ranoj Pegu attending Gunotsav: প্ৰতিখন বিদ্যালয়ত একোটাকৈ ডিজিটেল ডিভাইছৰ ব্যৱস্থা কৰিব চৰকাৰে - Education Minister Ranoj Pegu at Gunotsav

ৰাজ্যজুৰি 18 জানুৱাৰীৰ পৰা বিদ্যালয়সমূহত গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে ৷ আজি মাজুলীত শিক্ষামন্ত্ৰী ৰনোজ পেগু উপস্থিত হৈ আগন্তুক দিনত শিক্ষাখণ্ডত আনিবলগীয়া কেইটাও নতুন পৰিকল্পনা ঘোষণা কৰে (Education Minister Ranoj Pegu attending Gunotsav)৷

Education Minister Ranoj Pegu attending Gunotsav
মাজুলীৰ গুণোৎসৱত শিক্ষামন্ত্ৰী ৰনোজ পেগু
author img

By

Published : Jan 19, 2023, 2:26 PM IST

মাজুলীৰ গুণোৎসৱত শিক্ষামন্ত্ৰী ৰনোজ পেগু

মাজুলী, 19 জানুৱাৰী: "গুণোৎসৱত জৰিয়তে চৰকাৰলৈ যিবোৰ তথ্য আহিল সেই তথ্যৰ জৰিয়তে বিভিন্ন পৰিকল্পনা কৰিছো ৷ গুণোৎসৱৰ জৰিয়তে যিসমূহ আন্তঃগাঠনি আছে আমি সেইসমূহ চাম ৷ গুণোৎসৱৰ জৰিয়তে বিদ্যালয়সমূহত ক'ত কেনেদৰে শিক্ষক-শিক্ষয়িত্ৰী সকল নিয়োগ হৈ আছে বা বিদ্যালয়সমূহত প্ৰতিটো বিষয়ৰ শিক্ষক আছেনে নাই এইসমূহ বিষয় চালিজাৰি চোৱা হ’ব । কৰবাত শিক্ষকৰ সংখ্যা ঠিকেই আছে যদিও কৰবাত নিৰ্দিষ্ট বিষয়ত নাই ৷ গতিকে আমি এই সমস্যসমূহ সমাধানৰ বাবে চেষ্টা কৰিছো ৷

যোৱাবছৰ গুণোৎসৱত শিৱসাগৰে প্ৰথম স্থান দখল কৰাৰ লগতে মাজুলী জিলাই দ্বিতীয় ফলাফল লাভ কৰিছিল ৷ মই বিচাৰো এইবাৰো দুয়োখন জিলাই নিজৰ মৰ্যাদা অক্ষুন্ন ৰাখক ৷ অৱশ্যে এইবাৰ অন্য জিলাসমূহেও সুন্দৰ প্ৰস্তুতি চলাইছে।আমাক শিক্ষাৰ উন্নত অনুশীলন সম্প্ৰসাৰণৰ বাবে আমি টেলী ইডুকেশ্যনৰ আৰম্ভ কৰিছো ৷ ইতিমধ্য়ে ইয়াক মাননীয় মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিছে ৷ আমি গুৱাহাটী, ডিফু, শিলচৰ, ধেমাজি, কোকৰাঝাৰত একোটাকৈ ষ্টুডিঅ’ৰ ব্যৱস্থা কৰিম, ইয়াত শ্ৰেষ্ঠ শিক্ষকসকলে পাঠদান কৰিব ৷ যদি গুৱাহাটীত কোনো শিক্ষক আছে তেওঁৰ পাঠদান অভিনৱ, তেওঁ গুৱাহাটীৰ ষ্টুডিঅ’ৰ পৰা পাঠদান কৰিব আৰু অন্য জিলাসমূহে ডিজিটেল ক্লাছৰুমসমূহ বা স্মাৰ্ট ক্লাছৰুমসমূহত পাঠদান গ্ৰহণ কৰিব পাৰিব ৷ অচিৰেই আমি প্ৰতিখন বিদ্যালয়ত একোটাকৈ ডিজিটেল ডিভাইছৰ ব্যৱস্থা কৰিম ৷" মাজুলীৰ গুণোৎসৱত বৃহস্পতিবাৰে শিক্ষামন্ত্ৰী ৰনোজ পেগু উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে (Education Minister Ranoj Pegu attending Gunotsav) ৷

যোৱা 18 জানুৱাৰীৰ পৰা ৰাজ্যজুৰি তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ (Gunotsav observed in Assam)। ইফালে অহা 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ (Ranoj Pegu visited Majuli for attending Gunotsav )। আনহাতে লগতে 15 ফেব্ৰুৱাৰীৰ পৰা তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হ’ব। ৰাজ্যৰ মুঠ ৮৮,৫২৫খন বিদ্যালয়ৰ ৪২,৭৬,৮৮১গৰাকী ছাত্ৰ-ছাত্ৰীক গুণোৎসৱত সামৰি লোৱা হ’ব । এই গুণোৎসৱৰ লগত জড়িত হ’ব ১৮ হাজাৰ ৯৭ গৰাকী শিক্ষক। গুণোৎসৱৰ প্ৰথম পৰ্যায়ত বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ওদালগুৰি জিলাত অনুষ্ঠিত কৰা হ’ব ৷

এইবাৰ ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে গুণোৎসৱৰ পৰা ১০ শতাংশ নম্বৰ ছাত্ৰ-ছাত্ৰীৰ বছৰেকীয়া পৰীক্ষাত যোগ কৰা হ’ব । আনহাতে অনুপস্থিত ছাত্ৰ-ছাত্ৰীসকলক লৈ পাছ কৰা শতাংশ উলিয়াই ছাত্ৰ-ছাত্ৰীৰ মূল্যাংকনত যোগ কৰা হ’ব ৷

মাজুলীত ১৮ জানুৱাৰীৰ পৰা পৰা ২১ জানুৱাৰী গুণোৎসৱ অনুষ্ঠিত কৰা হ’ব । জিলাখনৰ 404 খন নিম্ন প্ৰাথমিক বিদ্যালয় 63 খন উচ্চ প্ৰাথমিক বিদ্যালয়, 72 খন মাধ্যমিক বিদ্যালয় আৰু এখন আবাসিক বিদ্যালয়কে ধৰি মুঠ 540 খন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে ।

লগতে পঢ়ক: Azadi Ka Amrit Mahotsav: গুৱাহাটীত বিশেষ আলোকচিত্ৰ প্ৰদৰ্শনীৰ আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.