মাজুলী, ১৫ছেপ্টেম্বৰ:আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি(426th death anniversary of Madhavdev)। চাৰি প্ৰসংগীয়া পাল-নামত গুৰু বন্দনাৰে বন্দিত হৈছে মাজুলী । পুৱাৰে পৰাই বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰেহি মাজুলীৰ ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰত ।
মহাপুৰুষ মাধৱদেৱ, যাক শ্ৰীমন্ত শংকৰদেৱে বঢ়াৰ পো বুলি সম্বোধন কৰিছিল সেইজনা মহাপুৰুষৰ বৃহস্পতিবাৰে তিৰোভাৱ তিথি পালন কৰা হয় । দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে সত্ৰভূমি মাজুলী । মাধৱ বান্ধৱক স্মৰন কৰিছে সকলোৱে । গুৰু বন্দনাৰে মুখৰিত মাজুলীৰ আকাশ-বতাহ(death anniversary of Madhavdev in Majuli)। মাজুলীৰ প্ৰতিখন সত্ৰ আৰু নামঘৰত পুৱাৰে পৰাই চাৰি নাম চৈধ্য প্ৰসংগ,খোল,তাল,বৰগীতৰ অমীয়া সুৰেৰে মুখৰিত হৈছে ।
ঐতিহাসিক মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰতো মাধৱদেৱৰ তিৰোভাৱ তিথি আড়ম্বৰপূৰ্ণ ভাবে পালন কৰা হয় । উত্তৰ কমলাবাৰী সত্ৰৰ গুৰু কীৰ্তন হ'ল সত্ৰৰ সমূদায় সংগীত সম্ভাৰক অক্ষুন্ন অবিছিন্ন ৰীতিৰে পৰিবেশন কৰি ধন্য় কৰি তোলাৰ এটি বছৰেকীয়া কাৰ্যক্ৰমনিকা । ইপিলে,মাজুলীৰ ঐতিহাসিক এলেঙী নৰসিংহ সত্ৰতো পৰম্পৰা ৰক্ষা কৰি পালন কৰা হয় গুৰুজনাৰ তিথি । পুৱা খোল প্ৰসংগ, ভাগৱত,নাম প্ৰসংগ আদি অনুষ্ঠিত কৰা হয় ।
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ(Mahapurush Srimanta Sankaradeva)অন্যতম প্ৰধান শিষ্য আছিল শ্ৰী শ্ৰী মাধৱদেৱ । তেওঁৰ গুৰু ভক্তিৰ বাবে বিশেষভাৱে জনা যায় । তদুপৰি মহাপুৰুষগৰাকীক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয় । তেওঁ কোঁচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল । নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি ।
১৪৮৯ চনত নাৰায়ণপুৰ নামে ঠাইৰ ৰঙাজান আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত লেতেকুপুখুৰী(Letekupukhuri in Lakhimpur)নামৰ ঠাইৰ হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হৈছিল । প্ৰবাদ আছে যে মাধৱদেৱৰ নাইকটা কাঁচিখন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাঁচিকটা আৰু প্ৰসূতিৰ তেজ লগা কাপোৰ ধোৱাৰ বাবে জানটোৰ পানীৰ বৰণ ৰঙা হোৱাত পৰৱৰ্তী সময়ত ইয়াৰ নাম ৰঙাজান হয় ।