ETV Bharat / state

মাজুলীৰ নিকিনি খোৱাত কৰ'ণাৰ গণ সংক্ৰমণ - কৰ'ণাৰ উপস্থিতি

কেইদিনমানৰ পূৰ্বে মাজুলীৰ নিকিনি খোৱা নামৰ গাঁৱখনত এগৰাকী নাবালিকাৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰাৰ পাচতে 40 গৰাকী লোকৰ দেহত ধৰা পৰিছিল কৰ'ণাৰ উপস্থিতি ৷ গাঁৱখনত প্ৰায় প্ৰতিঘৰ লোকৰ পৰিয়ালৰ সদস্য আক্ৰান্ত হোৱাত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে গাঁৱখনত ৷

মাজুলীৰ নিকিনি খোৱাত কৰ'ণাৰ ভয়ানক গণ সংক্ৰমণ

author img

By

Published : Apr 26, 2021, 2:22 PM IST

মাজুলী,26 এপ্ৰিল: ভয়ানক গণ সংক্ৰমণৰ দিশে গতি কৰিছে মাজুলীৰ এখন গাঁও ৷ কেইদিনমানৰ পূৰ্বে গাঁৱখনৰ এগৰাকী নাবালিকাৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰাৰ পাচতে স্বাস্থ্য বিভাগে গাঁৱখনৰ 135 গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাত 40 গৰাকী লোকৰ দেহত ধৰা পৰিছিল কৰ'ণাৰ উপস্থিতি ৷ মাজুলীৰ নিকিনি খোৱা নামৰ গাঁৱখনত প্ৰায় প্ৰতিঘৰ লোকৰ পৰিয়ালৰ সদস্য আক্ৰান্ত হোৱাত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে গাঁৱখনত ৷

মাজুলীৰ নিকিনি খোৱাত কৰ'ণাৰ গণ সংক্ৰমণ

উল্লেখ্য যে, নিকিনি খোৱা গাঁৱৰ শিশুৰ পৰা বয়োজ্যেষ্ঠ লোকলৈকে বহুতৰে দেহত ধৰা পৰিছে কৰ'ণাৰ উপস্থিতি । সেই নাবালিকা গৰাকীৰ পৰাই গাঁৱখনত ক'ভিডৰ গণ সংক্ৰমণ হোৱা বুলি প্ৰকাশ কৰিছে গাঁৱবাসীয়ে ৷ সম্প্ৰতি মাজুলী জিলা প্ৰশাসনে নিকিনি খোৱাৰ এই অঞ্চলটো কণ্টেইনমেন জ'ন হিচাপে ঘোষণা কৰাৰ লগতে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক: কৰ'ণাতংক: শ্মশানত জ্বলিয়েই আছে চিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.