ETV Bharat / state

অসম জাতীয় পৰিষদক মাজুলী এৰি দিব কংগ্ৰেছ দলে

author img

By

Published : Feb 12, 2022, 10:39 AM IST

উপ নিৰ্বাচনক লৈ এতিয়া মাজুলীত বলিছে গৰম বতাহ (By election in Majuli) । শাসক-বিৰোধী সকলো ব্যস্ত ৰণনীতি প্ৰস্তুত কৰাত ৷ মাজুলীত বিজেপিৰ প্ৰাৰ্থী চূড়ান্ত কৰিবলৈ শুকুৰবাৰে সমষ্টিটোত উপস্থিত হয় মন্ত্ৰী বিমল বৰা আৰু বিধায়ক নৱ দলে ৷ এনে সময়তে বিৰোধী কংগ্ৰেছ দলে অসম জাতীয় পৰিষদৰ লগত মিত্ৰতা কৰাৰ কথা ঘোষণা কৰে ৷

Congress leaves Majuli seat for AJP ahead of Assam Assembly by poll
প্ৰশাসনিক সাধাৰণ সম্পাদক অমল পূজাৰী

মাজুলী, 12 ফেব্ৰুৱাৰী : মাজুলী উপ নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানক লৈ শাসকীয় দল বিজেপিৰ সমান্তৰালভাৱে বিৰোধী কংগ্ৰেছ দলৰ মাজত চলিছে বিশেষ গুণাগাঁথা । যদিও কোনো এটা দলে এতিয়ালৈকে নিজৰ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই তথাপিও কিন্তু সকলো দলেই সাজু হৈছে আহি থকা উপ নিৰ্বাচনৰ বাবে । মাজুলী সমষ্টিত বিজেপিৰ স্বেচ্ছাচাৰী শাসনক উফৰাবলৈ এইবাৰ উপ নিৰ্বাচনত অসম জাতীয় পৰিষদ দলৰে মিত্ৰতা কৰিছে কংগ্ৰেছ দলে(Congress and AJP Alliance in Majuli) ।

প্ৰশাসনিক সাধাৰণ সম্পাদক অমল পূজাৰী

মাজুলী জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক অমল পূজাৰীয়ে এই সন্দৰ্ভত প্ৰথমবাৰৰ বাবে ইটিভি ভাৰতৰ আগত দলীয় সিদ্ধান্ত কথা ব্যক্ত কৰে ৷ তেওঁ বিজেপিৰ স্বেচ্ছাচাৰী শাসনক উফৰাবলৈ মাজুলীত অসম জাতীয় পৰিষদৰ লগত কংগ্ৰেছৰ মিত্ৰতা হোৱাৰ কথা সদৰি কৰে ৷ ইয়াৰ লগতে উপ নিৰ্বাচনত অসম জাতীয় পৰিষদ দলক জয়ী কৰোৱাতো(Congress leaves Majuli seat for AJP) মাজুলী জিলা কংগ্ৰেছে দায়িত্ব হিচাপে গ্ৰহণ কৰাৰ কথা তেওঁ জানিবলৈ দিয়ে ।

বিগত নিৰ্বাচনত অসম জাতীয় পৰিষদ দলে কিমান ভোট পাইছে সেইটো ডাঙৰ কথা নহয় বুলি উল্লেখ কৰি তেওঁ মাজুলীত কংগ্ৰেছৰ ২৮,০০০ ভোট থকাৰ কথা জানিবলৈ দিয়ে ৷ ইয়াৰ লগতে এইবাৰ নিৰ্বাচনত বান, গৰাখহনীয়া, নিবনুৱা সমস্যা সমাধান তেওঁলোকৰ মূল নিৰ্বাচনী ইছ্যু হ’ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Majuli bye election 2022: দলীয় কৰ্মীৰে মত-বিনিময় দুই বিজেপি নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.