ETV Bharat / state

Conflict with Doctor in Majuli: দক্ষিণপাট চিকিৎসালয়ৰ কৰ্মচাৰীক বদলিৰ নিৰ্দেশ

author img

By

Published : Oct 18, 2022, 5:04 PM IST

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোঁলা স্বৰূপ । মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই স্বাস্থ্য বিভাগৰ উন্নয়ণ হোৱা বুলি যিমানেই ফটা ঢোল নবজাওক কিয় মাজুলীত প্ৰান্তে প্ৰান্তে উন্মোচিত উন্নয়ণৰ প্ৰকৃত ছবিখন (Poor condition of doctor in Majuli) । বিপদৰ সময়ত চিকিৎসক বিচাৰি হাহাকাৰ কৰিবলগীয়া হয় গাঁৱৰ ৰাইজে ।

Conflict with Doctor in Majuli
দক্ষিণপাট চিকিৎসালয়ৰ কৰ্মচাৰীক বদলিৰ নিৰ্দেশ

মাজুলী, ১৮ অক্টোৱৰ:উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগৰ বিৰুদ্ধে মাজুলীত স্থানীয় লোকৰ ক্ষোভ প্ৰকাশ ৷ যি সময়ত সভা-সমিতিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগৰ উন্নয়নৰ গান গাই আহিছে, তেনে সময়তে মাজুলীত চিকিৎসক বিচাৰি (Poor condition of Doctors in Majuli) হাহাকাৰ কৰিবলগীয়া হোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোক ৷ ইপিনে, এনে ক্ষোভৰ মাজতেই সংঘটিত হৈছে চিকিৎসক আৰু এগৰাকী কৰ্মচাৰীৰ সংঘাট ।

মাজুলীৰ স্বাস্থ্য খণ্ডত প্ৰতিফলিত হৈছে প্ৰকৃত সেৱাৰ ফোঁপোলা স্বৰূপ ৷ নদী-দ্বীপটোৰ দক্ষিণপাট ৰাজ্যিক চিকিৎসালয়ৰ (Dakshinpat State Hospital in Majuli) চৌহদত দেখিবলৈ পোৱা গ'ল নাভূত-নাশ্ৰত কাণ্ড ৷ চিকিৎসালয়খনৰ চিকিৎসক সুৰভী ঠাকুৰীয়াই চুতুৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰীৰ সৈতে কাজিয়াত লিপ্ত হ'ল (Conflict of Doctor and employee) ৷

ইপিনে, ৰাজহুৱা স্থানতে এগৰাকী তলতীয়া কৰ্মচাৰীক কৰা ব্যৱহাৰৰ বিষয়ে সৰ্বত্ৰে চৰ্চা হোৱাৰ সময়তে যোৱা সোমবাৰে সন্ধিয়া মাজুলী জিলা স্বাস্থ্য যুটীয়া সঞ্চালকে দীপা বৰা নামৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰীগৰাকীক চিকিৎসালয়খনৰ পৰা বদলি কৰে (Transfer of employee from Dakshinpat Hospital) ৷ ইয়াৰ পিছতেই দীপা বৰাক কমলাবাৰী চিকিৎসালয়লৈ বদলি কৰাক লৈ সৰ্বত্ৰে সমালোচনা হৈছে ৷

ইফালে, এইগৰাকী চিকিৎসকৰ বিৰুদ্ধে আছে বহু অভিযোগ ৷ চিকিৎসালয়ত অনিয়মীয়াকৈ উপস্থিত থাকে ডাঃ সুৰভী ঠাকুৰীয়া (Allegation against Doctor of Dakshinpat Hospital) ৷ চিকিৎসালয়ৰ তলতীয়া কৰ্মচাৰী আৰু চিকিৎসা গ্ৰহণৰ বাবে অহা ৰোগীকো দুৰ্ব্য়ৱহাৰ কৰাৰ অভিযোগ আছে এই গৰাকী চিকিৎসকৰ বিৰুদ্ধে । এইগৰাকী চিকিৎসকৰ বিৰুদ্ধে আৰু বহু মন্তব্য আগবঢ়াইছে সংঘাটত লিপ্ত হোৱা চতুৰ্থবগৰ কৰ্মচাৰীগৰাকীয়ে ।

উল্লেখ্য যে বিগত মে' মাহত দক্ষিণপাট ৰাজ্যিক চিকিৎসালয়ত যোগদান কৰা ডাঃ সুৰভি ঠাকুৰীয়াক কৰ্তব্যত গাফিলতি কৰাৰ বাবেই কমলাবাৰী অসামৰিক চিকিৎসালয়ৰ পৰা দক্ষিণপাট ৰাজ্যিক চিকিৎসালয়লৈ বদলি কৰা হৈছিল ।

১৯৫২ চনতে প্ৰতিষ্ঠা হোৱা দক্ষিণপাট ৰাজ্যিক চিকিৎসালয়খন বৃহত্তৰ দক্ষিণপাট অঞ্চলটোৰ একমাত্ৰ মানৱ সেৱা প্ৰতিষ্ঠান (Dakhinpat State Dispensary in Majuli) ৷ পিছে এইপৰ্যন্ত চিকিৎসালয়খনত উপযুক্ত চিকিৎসকৰ অভাৱত প্ৰায় ১৫ খনতকৈ অধিক গাঁৱৰ দহ সহস্ৰাধিক লোকৰ মাজত সম্প্ৰতি হাহাকৰ সৃদশ পৰিৱেশৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক:PM Lok Sabha Election 2024 : লোকসভা নিৰ্বা চনত ৰ্বা উত্তৰ-পূৰ্বা ঞ্চৰ্বা লৰ ৯২ শতাংশ আসন দখলৰ লক্ষ্য বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.