ETV Bharat / state

Common Service Center in Majul: মাজুলীত অৰুণোদয় কেন্দ্ৰৰ শুভ উদ্ধোধন - জিলা উপায়ুক্ত পুলক মহন্ত

বুধবাৰে স্থানীয় বিধায়ক ভুৱন গামে মাজুলীত নতুনকৈ স্থাপন কৰা এটা অৰুণোদয় কেন্দ্ৰৰ শুভ উদ্ধোধন কৰে (Common Service Center in Majul inaugurated by MLA Bhuban Gam) ৷

Common Service Center in Majul inaugurated by MLA Bhuban Gam
মাজুলীত Common Service Center নিৰ্ম‍াণৰ শুভ উদ্ধোধন
author img

By

Published : Jul 28, 2022, 2:01 PM IST

মাজুলী, 28 জুলাই: বুধবাৰে মাজুলীত নতুনকৈ স্থাপন কৰা এটা অৰুণোদয় কেন্দ্ৰৰ শুভ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হয় ৷ জেংৰাইমূখ এগ্ৰি ফাৰ্ম প্ৰডিউচাৰ কোম্পানি লিমিটেডৰ (Jengraimukh Agri Farmer Producer Company Limited) সহযোগত "শস্য-শ্যামলা আই মাজুলীত কৃষিৰ এক নতুন বিপ্লৱ"ৰ সূচনা কৰিবলৈ ২ নং বৰপমূৱা গাঁৱত নিৰ্মাণ কৰা অৰুণোদয় কেন্দ্ৰটো স্থানীয় বিধায়ক ভুৱন গামে শুভ উদ্বোধন কৰে (Common Service Center in Majul inaugurated by MLA Bhuban Gam) ৷

অনুষ্ঠানত জিলা উপায়ুক্ত পুলক মহন্ত, ভাৰতীয় কিষাণ সংঘৰ (Bharatiya Kisan Sangh) সাংগঠনিক সম্পাদক কৃষ্ণ বৰা, প্ৰাক্তন বিধায়ক আৰু মন্ত্ৰী ৰাজীৱ লোচন পেগু, জিলা কৃষি বিষয়া ইৰছাদ আলি, FPC ৰ অধ্যক্ষ অমূল্য পেগু আৰু উজনি মাজুলী কৃষি উন্নয়ন বিষয়া হৰিপ্ৰসাদ লাগাছু উপস্থিত থাকে ।

মাজুলীত Common Service Center নিৰ্ম‍াণৰ শুভ উদ্ধোধন

উল্লেখ্য যে, মাজুলীত পথাৰ পৰিচালনাৰ তিনিটা কোম্পানী আছে ৷ তাৰে এটাত মাজুলীত সৰিয়হৰ খেতি কৰিবলৈ এটা সৰিয়হ মিলৰো শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত পুলক মহন্তই ৷ উদ্বোধনী অনুশ্ঠানটোত অংশ লৈ মাজুলীৰ জেংৰাইমূখত থকা আন এটা কোম্পানীত ধানৰ খেতি কৰিব বুলি জিলা উপায়ুক্তগৰাকীয়ে জানিব দিয়ে ৷

এই ধানৰ খেতি কৰা কোম্পানীত ১০০০ ৰ পৰা প্ৰায় ১৫০০ কৃষক আছে আৰু তেওঁলোকৰ নিজৰ থকা মাটিত খেতি কৰিলে মাজুলীৰ কৃষিয়ে নতুন গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে উপায়ুক্তগৰাকীয়ে ৷ আনহাতে, পকাজৰাত থকা আনটো কোম্পানীয়ে ৰঙা চাউলৰ খেতি কৰিব বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ৷

লগতে পঢ়ক: Slow Loris Rescued: চন্দ্ৰপুৰত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.