ETV Bharat / state

মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - ব্ৰহ্মপুত্ৰ বৰ্ড

মাজুলীত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ব্ৰহ্মপুত্ৰ বৰ্ডৰ কামৰ গাফিলতিত অসন্তুষ্ট হৈ ধমক দিলে কৰ্মচাৰীক ।

মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
author img

By

Published : Jul 19, 2019, 7:06 PM IST

মাজুলী,১৯ জুলাই : শুকুৰবাৰে বান পৰিস্থিতিৰ বুজ ল'বলৈ মাজুলীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। গড়মূৰৰ কাছাৰী ময়দানত বিশেষ হেলিকপ্তাৰেৰে অৱতৰণ কৰাৰ পাছতে পোনপ্ৰথমে দক্ষিণপাট কুমাৰ গাঁৱত উপস্থিত হৈ হাতীৰ গছকত প্ৰাণ হেৰুওৱা ৰুনু কলিতাৰ ঘৰত উপস্থিত হয় সোণোৱাল। ৰুণু কলিতাৰ মৃত্যুৰ বাবে পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰাৰ লগতে ৪ লাখ টকাৰ এককালীন সাহাৰ্যও প্ৰদান কৰে তেওঁ । ইয়াৰোপৰি,আহত সকলক বিনামূলীয়া চিকিৎসা ব্যৱস্থা কৰাৰ লগতে সাহায্য প্ৰদানৰ কথা উল্লেখ কৰে তেওঁ। মুখ্যমন্ত্ৰীৰ সৈতে মাজুলীত উপস্থিত হয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত,বিধায়ক বিমল বৰা আৰু ৰনোজ পেগু ।

মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ইয়াৰ পাছতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, অসমৰ বানত ক্ষতিগ্ৰস্ত লোকক সাহায্য প্ৰদান কৰাৰ লগতে কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে হাইলেণ্ড নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে । মাজুলীৰ খহি যোৱা শৈলস্পাৰ পৰ্যবেক্ষণ কৰাৰ লগতে ব্ৰহ্মপুত্ৰ বৰ্ডৰ হেমাহিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰীকো ইয়াৰ বিষয়ে অৱগত কৰা হৈছে বুলি উল্লেখ কৰে সোণোৱালে । ইয়াৰোপৰি, স্থানীয় বিজেপি কৰ্মীয়ে বৰ্ডৰ দুৰ্নীতি তথা অনিয়মৰ কথা উল্লেখ কৰাত মুখ্যমন্ত্ৰী গৰাকীয়ে বৰ্ডক ধমক দিয়ে আৰু পুঁজিৰ যথাযোগ্য ব্যৱহাৰৰ লগতে উন্নত মানৰ কাম কৰিবলৈ নিৰ্দশ প্ৰদান কৰে।

Intro:বান-পৰিস্থিতি অধ্যয়নৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাজুলীত ।।

খহিযোৱা শৈলস্পাৰত উপস্থিত হৈ ব্ৰহ্মপুত্ৰ বৰ্ডক ধমক।।

V.O-মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।বান দুৰ্গতৰ খবৰ ল'লে মুখ্যমন্ত্ৰীয়ে।
মাজুলী দক্ষিণপাট কুমাৰ গাঁৱৰ বন্য হস্তীৰ আক্ৰমনত মৃত্যু হোৱা ৰুনু কলিতাৰ পৰিয়ালত উপস্থিত মুখ্যমন্ত্ৰী। ৰুনু কলিকতাৰ দুৰ্ভগীয়া পৰিয়ালটোক আৰ্থিক সাহাৰ্য্য প্ৰদান।
মুখ্যমন্ত্ৰীক সংগ দিয়ে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত বিধায়ক বিমল বৰা আৰু ৰনোজ পগু । আজি ১২ বজাত মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত হয়। গড়মূৰৰ কাছাৰী ময়দানত মুখ্যমন্ত্ৰী সোনোৱাল বিশেষ হেলিকপ্তাৰে অৱতৰন কৰি পোনে পোনে দক্ষিনপাট কুমাৰ গাৱত উপস্থিত হৈ হাতীৰ গছকত প্ৰান হেৰুৱা ৰুনু কলিতাৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰাৰ লগতে ৪ লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰে। লগতে আহত সকলক বিনামূলীয়া চিকিৎসা ব্যৱস্থা কৰাৰ লগতে সাহাৰ্য প্ৰদান কৰে। ।

বাইট----- মুখ্যমন্ত্ৰী 1।।

ইয়াৰ পাছতে সাংবাদিক মুখ্যমন্ত্ৰীয়ে অসমৰ বানত ক্ষতিগ্ৰস্ত লোকক সাহাৰ্য উদ্ধাৰৰ লগতে কাজিৰঙা বণ্যপ্ৰানী সুৰক্ষাৰ বাবে হাইলেণ্ড নিৰ্মান কৰি ব্যৱস্থা কৰা হৈছে বুলি কয়।।

বাইট মুখ্যমন্ত্ৰী 2।।

Body:মাজুলীতখহী যোৱা শৈলস্পাৰত মুখ্যমন্ত্ৰী উপস্থিত হৈ ভগ্নপ্ৰায় স্পাৰটো নিজে পৰ্যবেক্ষণ কৰে। আৰু ব্ৰহ্মপুত্ৰ বৰ্ডৰ হেমাহীৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰীকো ইয়াৰ বিষয়ে অৱগত কৰা হৈছছ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ক স্থানীয় বিজেপি কৰ্মীয়ে বৰ্ডৰ দুৰ্নীতি অনিয়মৰ কথা উল্লেখ কৰি ক্ষোভ উজাৰে। আৰু মুখ্য মন্ত্ৰীয়ে ঢ়মক দিয়ে বৰ্ডক। পুজি সৎ ব্যৱহাৰৰ লগতে উন্নত মানৰ কাম কৰিবলৈ নিৰ্দশ দিয়ে।মুখ্যমন্ত্ৰী ৰ লগত ৰাজ্যৰ মাননীয় জলসম্পদ মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত আৰু বিধায়ক বিমল বৰা ৰনোজ পেগু উপস্থিত হয়।

বাইট - মুখ্যমন্ত্ৰী 3।Conclusion:মাজুলী পৰা যদুমণি শইকীয়া ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.