ETV Bharat / state

ৰাইজৰ স্বাভিমান ৰক্ষাৰ বাবে চৰকাৰে দায়বদ্ধতাৰে কাম কৰিছে: মুখ্যমন্ত্ৰী

author img

By

Published : Oct 5, 2020, 6:29 PM IST

সোমবাৰে মাজুলী উপস্থিত হৈ বনগাঁওস্থিত অসম শক্তি বিতৰক কোম্পানী লিমিটেডে নতুনকৈ স্থাপন কৰা ৫ মেগাৱাটৰ এটা ৩৩/১১ কিলো ভল্টৰ বিদ্যুৎ উপকেন্দ্ৰটো মুকলি কৰাৰ লগতে দৰিয়াপাৰ পাৰত অনুষ্ঠিত ভূমিপট্টা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী

মাজুলী, 5 অক্টোবৰ: 2016 চনতে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি 1 লাখ লোকক ভূমিপট্টা প্ৰদান কৰে শাসনাধীন চৰকাৰে ৷ সোমবাৰে মাজুলীৰ বনগাঁৱত অসম শক্তি বিতৰক কোম্পানী লিমিটেডে নতুনকৈ স্থাপন কৰা ৫ মেগাৱাটৰ এটা ৩৩/১১ কিলো ভল্টৰ বিদ্যুৎ উপকেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানৰ পাচত দৰিয়াপাৰ পাৰত অনুষ্ঠিত ভূমিপট্টা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ মাজতো সোমবাৰে অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে 4 শতাধিক লোক ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৮ হাজাৰ ভূমিহীন লোকক ভূমি পট্টা প্ৰদানৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৷

মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ আৰু কয় যে, ১৯৫২ চনৰ পৰা যিমানকেইখন চৰকাৰ গঠন হ'ল তেতিয়াৰ পৰাই মাটিৰ পট্টাৰ দাবী কৰিছিল যদিও কোনেও দিৱ নোৱাৰিলে ৷ জাতিৰ মাটি ভেঁটি নাথাকিলে কৃষ্ঠি সংস্কৃতিৰ সুৰক্ষা নহয় ৷ মাটিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰাৰ বাবে আজি পট্টা প্ৰদান কৰি অসমীয়াৰ স্বাভিমান ৰক্ষা কৰা হ'ল ৷ অসম আন্দোলনৰ অধিকাৰ এইখন চৰকাৰে কিঞ্চিৎ হ'লেও ৰক্ষা কৰিলে ৷ বিজেপি চৰকাৰে দায়িত্ব লোৱাৰে পৰা অসম চুক্তিৰ ৬ নং দফা পালনৰ বাবে ৩৫ বছৰে যিবোৰ সমস্যা সমাধান হোৱা নাছিল বৰ্তমান চৰকাৰে আন্তৰিকতাৰে সেইবোৰ সমাধান কৰিলে ৷ আজিৰ দিনটোত অসমৰ মানুহে নিজৰ মাটিৰ ওপৰত অধিকাৰ সাংবিধানিকভাৱে পাবলৈ সক্ষম হৈছে ৷ বীৰ স্বহীদ পৰিয়ালৈ ৫ লাখকৈ সাহায্য, ২ লাখ এককালীন সাহায্যও চৰকাৰে প্ৰদান কৰিছে ৷ অসম চুক্তি কামে কাজে চৰকাৰখনে আগবঢ়াই নিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

অসমৰ ৰাইজৰ স্বাভিমান ৰক্ষাৰ বাবে এইখন চৰকাৰে দায়বদ্ধতাৰে কাম কৰিছে: মুখ্যমন্ত্ৰী

ইয়াৰোপৰি তেওঁ কয়, "2016 চনত বিজেপি চৰকাৰে দুৰ্নীতি মুক্ত অসম ভাষণ দিয়াই নহয় । দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাবলৈ প্ৰত্যাহ্বানৰো সন্মুখীন হয় । কংগ্ৰেছৰ দিনত সকলোতে দুৰ্নীতি হৈছিস । অসম আৰক্ষীৰ দ্বাৰা এ পি এছ চি কেলেংকাৰী তদণ্ড কৰিলো । আজি আন্দোলন কৰিছে কংগ্ৰেছে । ১৫ বছৰ দুৰ্নীতিৰ সদাগৰৰ পৰিচয় ল'লে তেওলোকে । আমি সেই দুৰ্নীতিৰ আমি শাস্তি দিছো, কংগ্ৰেছে নোৱাৰে । এছ আই নিযুক্তি সম্পৰ্কত যি ষড়যন্ত্ৰ সফল কৰিবলৈ লৈছিল আমি গম পাই পৰীক্ষা বাতিল কৰিছো । ১৫ মিনিটৰ ভিতৰত আমি বাতিল কৰি দোষীক কৰায়ত্ব কৰিছো । আমি কথা নুলুকুৱাও । বিজেপি চৰকাৰে আগন্তুক দিনত উঠি অহা ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰতিটো পৰীক্ষা নিকা কৰাৰ ব্যৱস্থা কৰিব । ৮০ হাজাৰ নিযুক্তি হ'ল ৫৫ হাজাৰ নিযুক্তি হ'ব । এ পি এছ চি দুৰ্নীতিৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ ল'ব পাৰিলেহেতেন কিন্তু ১৫ বছৰে নকৰিলে বন্ধ ৰাখিলে । এই কামৰ বাবে সততা লাগিব । আমাৰ পদক্ষেপ অব্যাহত ৰাখিম । মাজুলীৰ বুকুত ৮ হাজাৰ লোকক মাটিৰ পট্টা দিলো । অহা দুমাহত ৫ হাজাৰ দিয়া হ'ব । সৌৰশক্তিৰ এটা প্ৰকল্প হ'ব মাজুলীত। বিদুৎ যোগানত স্বাৱলম্বী হ'ব মাজুলী ৷"

লগতে পঢ়ক: বদৰুদ্দিন আজমলৰ ভোট আমাক নালাগে: ৰনজিৎ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.