মাজুলী,21মাৰ্চ: শনিবাৰে সন্ধিয়া নিজা সমষ্টি মাজুলীত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মাজুলীৰ ফুলনিত অনুষ্ঠিত এখন দলীয় সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনক লৈ দলীয় নেতা-কৰ্মীৰ উৎসাহ দেখি উৎফুল্লিত হৈ পৰে মুখ্যমন্ত্ৰী সোণোৱাল ৷ এই সভাতে কংগ্ৰেছৰ ভেটিত খহনীয়াৰ সৃষ্টি কৰি বহুসংখ্যক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়েও যোগদান কৰে বিজেপিত ৷ ইপিনে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে ৷ কংগ্ৰেছৰ দিনত ৰাজ্যত কোনোধৰণৰ উন্নয়ন নহ'ল বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
উল্লেখযোগ্য যে, অহা 22 মাৰ্চত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ যাৰ পৰিপ্ৰেক্ষিতত অমিত শ্বাহে অংশ গ্ৰহণ কৰিবলগীয়া সভাস্থলী নিজে পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি মাজুলীৰ ফুলনিত অনুষ্ঠিত হ'ব লগা এই বিশাল জনসভাত প্ৰায় 1লাখৰো অধিক লোক উপস্থিত থাকিব ৷
লগতে পঢ়কঃ নৱ কুমাৰ শৰণীয়ালৈ পূৰ্ণ সমৰ্থন গণ সুৰক্ষা পাৰ্টিৰ