ETV Bharat / state

মাজুলীৰ আউনীআটী সত্ৰত উদযাপন ৩৭৮ তম পালনাম মহোৎসৱ

মাজুলী আউনীআটী সত্ৰত উদযাপন ৩৭৮ তম পালনাম মহোৎসৱ ৷ হৰি নামৰ ধ্বনিৰে মুখৰিত মাজুলীৰ পৰিৱেশ ৷ বৰদৈয়া জাপিৰ আৰ্হিৰ সত্ৰৰ নৱ নিৰ্মিত কৰাপাট উন্মোচন ৷

author img

By

Published : Nov 11, 2021, 6:08 PM IST

Palanam Mahotsav
মাজুলীৰ আউনীআটী সত্ৰত উদযাপন ৩৭৮ তম পালনাম মহোৎসৱ

মাজুলী, 11 নৱেম্বৰ : বৃহস্পতিবাৰৰ পৰা মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত আৰম্ভ কৰা হৈছে পালনাম মহোৎসৱ ৷ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে মাজুলীৰ আকাশ বতাহ । ইতিহাস প্ৰসিদ্ধ আউনীআটী সত্ৰৰ বাৰ্ষিক পঞ্চম দিৱস পালনাম বৃহস্পতিবাৰ অৰ্থাৎ কাতিৰ ২৪ তাৰিখ আৰু ইং ১১ নৱেম্বৰৰ পৰা আৰম্ভ কৰা হৈছে ৷

সাধাৰণতে ২৫ কাতিৰ পৰা এই পালনাম আৰম্ভ হয় যদিও একাদশী তিথি থাকিলে এদিন আগতীয়াকৈ অনুষ্ঠিত কৰা হয় পালনাম । অইনবাৰৰ দৰে এইবছৰ ২৮ কাতি সোমবাৰে একাদশী হোৱাৰ বাবে ২৫ কাতিৰ পৰিৱৰ্তে ২৪ কাতিৰ পৰা মাজুলীত আৰম্ভ হৈছে 378 তম পাল নাম মহোৎসৱ । সত্ৰাধিকাৰ, সত্ৰস্থ বৈষ্ণৱৰ লগতে জগতবাসীৰ মংগলাৰ্থে আয়োজন কৰা এই মহাপালনাম ভাগীলৈ সমূহ ভক্তপ্ৰাণ ৰাইজক আদৰণি জনাইছে আয়োজকসকলে ।

Palanam MahotsavPalnam Mahotsav
পালনাম মহোৎসৱ উদযাপন

৩৭৮ বছৰীয়া পালনামক লৈ এতিয়া উখল-মাখল হৈ পৰিছে আউনীআটী সত্ৰৰ পদূলি ।

ইফালে পালনাম মহোৎসৱ উপলক্ষ্যে বৰদৈয়া জাপিৰ আৰ্হিত নিৰ্মাণ কৰা সত্ৰৰ মূল কৰাপাট ভাগি উন্মোচন কৰে মাজুলীৰ উপায়ুক্ত পুলক মহন্তই । অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক বৰদৈয়া জাপিৰে আদৰণি জনাব সত্ৰলৈ অহা সকলো ভকত বৈষ্ণৱক ৷ এই কথা ব্যক্ত কৰে সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে ।

অন্যহাতে, ৰাস মহোৎসৱক লৈ চৰকাৰে জাৰি কৰা SOP সন্দৰ্ভতো মন্তব্য কৰে সত্ৰাধিকাৰ গৰাকীয়ে । চৰকাৰে জাৰি কৰা SOP সন্দৰ্ভত চৰকাৰক কিছু বিচাৰ-বিবেচনা কৰিবলৈ আহ্বান জনাই সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে ।

লগতে পঢ়ক : NASA, স্পেচএক্সে ক্ৰু-৩ মিছনত আন্তৰ্জাতিক মহাকাশ ষ্টেচনলৈ প্ৰেৰণ কৰিলে ৪ মহাকাশচাৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.