ETV Bharat / state

4 বছৰে সম্পূৰ্ণ নহ'ল মাজুলী-নিমাতীঘাট সংযোগী দলং - মুখ্যমন্ত্ৰী সোণোৱাল

২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে মাজুলী আৰু নিমাতী ঘাট সংযোগী দলঙৰ আধাৰ শিলা স্থাপন কৰিছিল । এক ঐতিহাসিক সপোন দেখুৱাই চৰকাৰে মাজুলীবাসীক চৰম বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

মাজুলী নিমাতীঘাট সংযোগী দলং
মাজুলী-নিমাতীঘাট সংযোগী দলং
author img

By

Published : Feb 27, 2020, 2:52 PM IST

Updated : Jan 30, 2023, 12:23 PM IST

মাজুলী-নিমাতীঘাট সংযোগী দলং

মাজুলী, 27 ফেব্ৰুৱাৰীঃ 4 বছৰ সম্পূৰ্ণ হোৱা পাছতো মাজুলী নিমাতীঘাট সংযোগী দলঙৰ ডিপিয়াৰ প্ৰস্তুত কৰাত ব্যৰ্থ চৰকাৰ ৷ বিগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আধাৰশিলা স্থাপন কৰা দলংখন বৰ্তমানো আধাৰশিলাতে সীমাবদ্ধ সেয়ে বিগত বছৰে মাজুলীৰ বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে ।

বিজেপি চৰকাৰে দলংখন লৈ মাজুলীবাসীৰ লগত ৰাজনৈতিক অভিসন্ধি কৰি সফল হোৱা বুলিও অভিযোগ উত্থাপন কৰিছে ৰাইজে। ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে মাজুলী আৰু নিমাতীঘাট সংযোগী দলঙৰ আধাৰ শিলা স্থাপন কৰিছিল । এক ঐতিহাসিক সপোন দেখুৱাই চৰকাৰে মাজুলীবাসীক চৰম বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

লগতে পঢ়কঃ বিধ্বংসী গৰাখহনীয়াৰ কবলত পৰি হুমুনিয়াহ কাঢ়িছে জোনাইৰ চাপৰিবাসীয়ে

আনহাতে ২১ আৰু ২২ ফেব্ৰুৱাৰীত "মাজুলী ২৮ প্ৰকল্প আধাৰশিলা" অনুষ্ঠানৰ বাবে গৃহ সমষ্টিত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সোণোৱালক সাংবাদিকে দলং সন্দৰ্ভত প্ৰশ্ন কৰাত অস্বস্তিত পৰি উক্ত স্থানৰ পৰা একপ্ৰকাৰৰ পলায়ন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে

Last Updated : Jan 30, 2023, 12:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.