ETV Bharat / state

সদনৰ মজিয়াত মাজুলীক অপমান বিজেপি সাংসদৰ

মাজুলীক লৈ বিজেপি সাংসদ ড৹ বিনয় পি সহস্ত্ৰবুদ্ধেৰ উদ্ধত মন্তব্য । সাংসদৰ মন্তব্যকলৈ বৰ্তমান প্ৰতিবাদত জ্বলিছে মাজুলী ৷

BJP member of parliament controversial speech  about Majuli
সদনৰ মজিয়াত মাজুলীক অপমান বিজেপি সাংসদৰ
author img

By

Published : Dec 11, 2019, 11:25 PM IST

মাজুলী,11 ডিচেম্বৰ: ৰাজ্যসভাত মাজুলিক অপমান বিজেপি সাংসদৰ ৷ অসম সম্পৰ্কে নাজানে বিজেপি সাংসদে ৷ অসম সম্বন্ধে নাই নিম্নতম ৰাজনৈতিক-ভৌগলিক জ্ঞান ৷ যাৰ ফলত বুধবাৰে ৰাজ্যসভাৰ মজিয়াত অপমানিত হ'ল অসমীয়াৰ বুকুৰ আমঠু স্বৰূপ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ মাজুলী ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন জনাবলৈ গৈ মাজুলী সম্পৰ্কত বিতৰ্কিত মন্তব্য মহাৰাষ্ট্ৰৰ বিজেপি সাংসদ ড৹ বিনয় পি সহস্ত্ৰবুদ্ধেৰ ৷ সদনৰ মজিয়াত অসম সম্বন্ধে সম্যক জ্ঞান নথকা সাংসদ ড৹ বিনয় পি সহস্ত্ৰবুদ্ধেৰ কয় যে, মাজুলীত কোনো থলুৱা মানুহ নাই ৷ মাজুলীত থকা সকলো মানুহেই অবৈধ অনুপ্ৰৱেশকাৰী ৷ সকলো বাংলাদেশৰ পৰা আহি আশ্ৰয় লৈছে মাজুলীত ৷ সাংসদজনে বাংলাদেশীৰ কথা ক'বলৈ গৈ বস্তিৰ সৈতে তুলনা কৰে মাজুলীক ৷

ৰাজ্যৰ সভাৰ মজিয়াত মাজুলীক অপমান বিজেপি সাংসদৰ যি সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ ৰাজ্য অগ্নিগৰ্ভা হৈ আছে, সেই সময়তেই ৰাজ্যসভাৰ সদনত বিধেয়কখন সমৰ্থন কৰিবলৈ গৈ এইদৰে অসমৰ সত্ৰ-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মাজুলীক এইদৰে অপমান কৰিলে সাংসদজনে ৷ বৰ্তমান মাজুলীকলৈ কৰা এই অপমানৰ বিৰুদ্ধে অগ্নিশৰ্মা মাজুলীবাসী ৷ নিশা মাজুলী বাসীয়ে ৰাজপথলৈ ওলাই আহি সাংসদ জনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দক্ষিণ পাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰে ‌।

বিজেপি সাংসদৰ মাজুলিকলৈ কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে উত্তপ্ত মাজুলীবাসী
মাজুলিকলৈ বিজেপি সাংসদৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰতিক্ৰিয়া

লগতে পঢ়ক:আছু আৰু শিল্পী সমাজে ঘোষণা কৰিলে সন্মিলিত প্ৰতিবাদী কাৰ্যসূচী

Intro:বিজেপি সাংসদৰ উদ্ধত মন্তব্য।।
মাজুলীত জ্বলিছে সাংসদৰ মন্তব্য ক লৈ।
V.O-. বিজেপিৰ সাংসদৰ জ্ঞানৰ নমুনা ৷ অসম সম্পৰ্কে নাজানে বিজেপি সাংসদে ৷ নাই অসমৰ সম্বন্ধে ভৌগলিক জ্ঞান ৷ যাৰ ফলত বুধবাৰে ৰাজ্যসভাৰ মজিয়াত অপমানিত হ'ল অসমীয়াৰ বুকুৰ আমঠু স্বৰূপ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ মাজুলী ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন জনাবলৈ গৈ মাজুলী সম্পৰ্কত বিতৰ্কিত মন্তব্য মহাৰাষ্ট্ৰৰ বিজেপি সাংসদ ড৹ বিনয় পি সহস্ত্ৰবুদ্ধেৰ ৷ সদনৰ মজিয়াত অসম সম্বন্ধে সম্যক জ্ঞান নথকা সাংসদজনে ক'লে, মাজুলীত কোনো থলুৱা মানুহ নাই ৷ মাজুলীত থকা সকলো মানুহেই অবৈধ অনুপ্ৰৱেশকাৰী ৷ সকলো বাংলাদেশৰ পৰা আহি আশ্ৰয় লৈছে মাজুলীত ৷ সাংসদজনে বাংলাদেশীৰ কথা ক'বলৈ গৈ বস্তিৰ সৈতে তুলনা কৰে মাজুলীক ৷ ৰাজ্যৰ সভাৰ মজিয়াত মাজুলীক অপমান বিজেপি সাংসদৰ যি সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ ৰাজ্য অগ্নিগৰ্ভা হৈ আছে, সেই সময়তেই ৰাজ্যসভাৰ সদনত বিধেয়কখন সমৰ্থন কৰিবলৈ গৈ এইদৰে অসমৰ সত্ৰ-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মাজুলীক এইদৰে অপমান কৰিলে সাংসদজনে ৷ইয়াৰ বিৰুদ্ধে মাজুলী বাসী ওলাই আহিছে ৰাজপথলৈ সাংসদ জনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। দক্ষিণ পাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে‌।
Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.