মাজুলী, 25 ছেপ্টেম্বৰ : পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু ৷ মৃত যুৱকজনৰ নাম ৰাকেশ বৰা (22) ৷ যুৱকজনৰ ঘৰ মাজুলীৰ নিকিনিখোৱা গাঁৱত বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে, যোৱা 22 ছেপ্টেম্বৰৰ সন্ধিয়া প্ৰায় পাঁচ বজাত দোকানলৈ কিবা সামগ্ৰী ক্ৰয় কৰিবলৈ গৈছিল ৷ কিন্তু তাৰ পাচৰ পৰাই সন্ধান নাছিল যুৱকজনৰ । তাৰ পিচৰ পৰাই 23 ছেপ্টেম্বৰ পৰ্যন্ত যুৱকজনৰ কোনো খবৰ লাভ নকৰাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে ৷ ইফালে ঘৰৰ লোকে যুৱকজনে কৰ্মৰত স্থানত খবৰ কৰিছিল যদিও তেওঁলোকে যুৱকজন ডিউটিলৈ অহা নাই বুলি কয় ৷
অৱশেষত ৰাকেশ বৰাৰ নিৰুদ্দেশ হোৱা ঘটনাৰ সন্দৰ্ভত পিতৃ সুভাষ বৰাই হায়দৰবাদৰ স্থানীয় থানাত এখন এজাৰৰ দাখিল কৰিছিল ৷ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৰাকেশৰ সন্ধান চলাই আৰু তেওঁৰ মোবাইল ফোনটো উদ্ধাৰ কৰে । ইয়াৰ পাচতেই পৰিয়ালৰ লোকে ৰাকেশৰ মৃত্যুৰ খবৰ লাভ কৰে ৷
এতিয়া ৰাকেশৰ মৃত্যুৰ খবৰ পাই শোকত ভাগি পৰিছে মাতৃৰ লগতে পৰিয়ালৰ লোক । ৰাকেশৰ মাতৃয়ে জনোৱা অনুসৰি, আজিৰ পৰা প্ৰায় চাৰি বছৰৰ পূৰ্বে কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গৈছিল ৰাকেশে । তেওঁলোকৰ ঘৰৰ আৰ্থিক অৱস্থা সুচল নোহোৱাৰ বাবে ৰাকেশ বৰাই পিতৃ সুভাষ বৰাৰ সৈতে কৰ্ম সংস্থাপন বিচাৰি যোৱা চাৰি বছৰৰ পূৰ্বে মাজুলীৰ পৰা হায়দৰাবাদলৈ বুলি ওলাই যায়। পিতা-পুত্ৰ দুয়োগৰাকী বহুজাতিক কোম্পানীত বিগত চাৰি বছৰ ধৰি কাম কৰি আছিল । পিতা-পুত্ৰৰ মাজত থকা ৰুমৰ দূৰত্বৰ পৰিমাণ প্ৰায় দহ কিলোমিটাৰ।
এতিয়া ৰাকেশৰ মৃত্যুৰ পিচতে তেওঁৰ মৃতদেহ বাসগৃহলৈ আনিবলৈও অসমৰ্থ পৰিয়ালৰ লোকে ৷ তেওঁলোকৰ আৰ্থিক অৱস্থাৰ বাবে পুত্ৰৰ নশ্বৰ দেহ ঘৰলৈ আনিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে মাজুলীৰ বিধায়কৰ ভুৱন গামৰ সহায় বিচাৰিছে পৰিয়ালৰ লোকে ৷ পুত্ৰৰ এই আকস্মিক মৃত্যুক সহজে মানি ল’ব পৰা নাই পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক: Tense Situation at Rupohihat: ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত মজিবুৰ ৰহমান খান; থানা ঘেৰাও সহস্ৰাধিক লোকৰ