ETV Bharat / state

Assam Governor in Majuli : মাজুলীত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া - আউনীআটী সত্ৰ

বুধবাৰে মাজুলীত উপস্থিত হয় অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া ৷ ঐতিহাসিক গড়মূৰ সত্ৰ, দক্ষিণপাট সত্ৰ, আউনীআটী সত্ৰ আৰু উত্তৰ কমলাবৰী সত্ৰ পৰিদৰ্শন কৰে ৰাজ্যপালগৰাকীয়ে ৷

Assam Governor Gulab Chand Kataria Visit Majuli
মাজুলীত উপস্থিত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া
author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 6:54 PM IST

বুধবাৰে মাজুলীত উপস্থিত হয় ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া

মাজুলী, 6 ছেপ্টেম্বৰ : মাজুলীত অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া ৷ বুধবাৰে মাজুলীত উপস্থিত হয় অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া ৷ নিমাতীৰ পৰা বিশেষ ফেৰীৰে মাজুলীৰ কমলাবাৰী ঘাটত উপস্থিত হয় ৰাজ্যপালগৰাকী ৷

মাজুলীত উপস্থিত হৈ সংবাদ মাধ্যমক সম্বোধন কৰে ৰাজ্যপালগৰাকীয়ে ৷ তেওঁ কয় যে, মাজুলী কম জনসংখ্যা থকা এখন সৰু জিলা ৷ কিন্তু কম জনসংখ্যা থকা জিলা হ’লেও মাজুলীৰ আন্তঃগাথনিৰ কাম বহু উন্নত ৷ জিলাখনৰ এই ভ্ৰমণকালত মাজুলীত যিসমূহ চৰকাৰী আঁচনিকে ধৰি বিভিন্ন কাম হৈ আছে তাত সন্তোষ প্ৰকাশ কৰে অসমৰ ৰাজ্যপালগৰাকীয়ে ৷

লগতে পঢ়ক : INDIA Row: INDIA বুলি কোৱাৰ পূৰ্বে ‘ভাৰত’ বুলি কম, ইয়াত বিতৰ্ক নাই; হিমন্ত বিশ্ব শৰ্মা

মাজুলীত ৰাজ্যপালগৰাকীয়ে মাজুলী জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মাজুলী জিলা প্ৰশাসন আৰু মাজুলীৰ বিধায়কগৰাকীৰ লগত এক আলোচনা চক্ৰত মিলিত হয় ৷ লগতে মাজুলীৰ প্ৰতিখন পঞ্চায়তৰ সভাপতি আৰু ৱাৰ্ড মেম্বাৰ সকলৰ সৈতেও আলোচনা চক্ৰত মিলিত হয় ৰাজ্যপালগৰাকী ৷ ইয়াৰ পাছতে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰিদৰ্শন কৰি এখন সভাত মিলিত হয় তেওঁ ৷ এই সভাতেই মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে ৰাজ্যপালগৰাকীয়ে ৷

ৰাজ্যপাল গৰাকীয়ে মাজুলীৰ ঐতিহাসিক গড়মূৰ সত্ৰ পৰিদৰ্শন কৰে ৷ সত্ৰ পৰিদৰ্শন কৰি সত্ৰৰ সংগ্ৰহালয়ত থকা পৌৰাণিক সামগ্ৰী সমূহ দৰ্শন কৰি অভিভূত হৈ পৰে ৰাজ্যপালগৰাকী ৷ সত্ৰত সেৱা লোৱাৰ পাছত সত্ৰৰ ভকত-বৈঞ্চৱ সকলৰ সৈতে ফটো উঠে ৰাজ্যপালগৰাকীয়ে ৷ ইয়াৰ পিছতে ঐতিহাসিক দক্ষিণপাট সত্ৰ, আউনীআটী সত্ৰ আৰু উত্তৰ কমলাবৰী সত্ৰ পৰিদৰ্শন কৰে ৰাজ্যপালগৰাকীয়ে ৷

লগতে পঢ়ক : MPLAD Fund: চৈধ্যগৰাকী সাংসদে তিনি বছৰত ব্যয় কৰিব নোৱাৰিলে সমষ্টি উন্নয়নৰ এশ কোটি টকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.