ETV Bharat / state

Ankiya Bhaona Samaroh 2022: মাজুলীত অনুষ্ঠিত হ'ব অংকীয়া ভাওনা সমাৰোহ

author img

By

Published : Jul 31, 2022, 8:23 PM IST

চলিত বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব অসম ভিত্তিত অংকীয়া ভাওনা সমাৰোহ(Ankiya Bhaona Samaroh 2022) । এই উপলক্ষে প্ৰাচীন চামগুৰি সত্ৰৰ সত্ৰীয়া তাঁৰানাথ মহন্তৰ সভাপতিত্বত দেওবাৰে চামগুৰি বণিয়া গাঁও শংকৰ মাধৱ কীৰ্তন ঘৰত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা ।

Ankiya Bhaona Samaroh 2022 will held at Majuli
মাজুলীত অনুষ্ঠিত হ'ব অংকীয়া ভাওনা সমাৰোহ

লখিমপুৰ, 31 জুলাই : মাজুলীৰ শ্ৰী শ্ৰী প্ৰাচীন চামগুৰি সত্ৰ আৰু হৰিদাস বণিয়া আতৈ আৰ্থ সামাজিক উন্নয়ন সংস্থাৰ উদ্যোগত চলিত বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব অসম ভিত্তিত অংকীয়া ভাওনা সমাৰোহ(Ankiya Bhaona Samaroh 2022) । এই উপলক্ষে দেওবাৰে চামগুৰি বণিয়া গাঁও শংকৰ মাধৱ কীৰ্তন ঘৰত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা ।

মাজুলীৰ ভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি, সত্ৰাধিকাৰ সকলক লৈ অনুষ্ঠিত ৰাজহুৱা সভাখন ইশিটা ভঁৰালীয়ে পৰিবেশন কৰা বৰগীতেৰে শুভাৰম্ভ কৰা হয় । ইফালে, সভাত সভাপতিত্ব কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা প্ৰাচীন চামগুৰি সত্ৰৰ সত্ৰীয়া তাঁৰানাথ মহন্তই(Ankiya Bhaona Samaroh 2022 will held at Majuli) ।

হৰিদাস বণিয়া অৰ্থ সামাজিক উন্নয়ন মঞ্চৰ প্ৰশাসক প্ৰশান্ত ভৰালীয়ে আঁত ধৰা অনুষ্ঠানতে সৰ্ব প্ৰথমে অসম ভিত্তিত ভাওনা সমাৰোহ হ'ব লাগে প্ৰস্তাৱ গ্ৰহণ কৰে । এই সভাতে তাৰানাথ মহন্তক সভাপতি, ভোগপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ উৎপল মহন্তক কাৰ্যকৰী সভাপতি, প্ৰশান্ত ভৰালীক প্ৰধান সম্পাদক, সূৰ্য কুমাৰ ভূঞাক স্মৃতিগ্ৰন্থ সম্পাদক হিচাপে লৈ মাজুলী ভিত্তিত ৫১ জনীয়া এখন সমিতি গঠন কৰা হয় ।

মহাপুৰুষ গুৰুজনাৰ দ্বাৰা সৃষ্ট ছখন মূল অংকীয়া নাটৰ লগতে পৰৱৰ্তী সময়ৰ সাধুসকলে লিখা ভিন্ন অংকীয়া নাটেৰে প্ৰদৰ্শনীমূলকভাৱে অনুষ্ঠিত হ'বলগীয়া অসম ভিত্তিত অংকীয়া ভাওনা সমাৰোহখনি আমন্ত্ৰণমূলক ভাওনা শিল্পী দলেৰে প্ৰদৰ্শিত হ'ব বুলি জানিবলৈ দিয়ে সভাপতি তাৰানাথ মহন্তই । নাটৰ ওপৰত ভিত্তি কৰি তিনি বা পাঁচ দিনীয়া কাৰ্যসূচীৰে প্ৰাচীন চামগুৰি সত্ৰৰ সমীপতে অনুষ্ঠিত হ'বলগীয়া ভাওনা সমাৰোহখনিত অসমবাসীৰ সহযোগ কামনা কৰিছে উদযাপন সমিতিয়ে ।

লগতে পঢ়ক : Satra Commission team at Barpeta: বৰপেটাৰ বাৰাদি সত্ৰ পৰিদৰ্শন সত্ৰ আয়োগৰ দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.