ETV Bharat / state

মাজুলীৰ এগৰাকী শিক্ষিত মহিলাৰ আদৰণীয় পদক্ষেপ

author img

By

Published : May 10, 2021, 1:39 PM IST

মাজুলী দক্ষিণপাটৰ লখিমী শইকীয়া বৰা নামৰ এগৰাকী মহিলাই ঘৰতে "আয়ুস মাজুলী" নামেৰে এটা মিঠা তেলৰ মিল স্থাপন কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন তিনিজন যুৱককো সংস্থাপন প্ৰদান কৰিছে ।

মাজুলীৰ এগৰাকী শিক্ষিত মহিলাৰ আদৰণীয় প্ৰদক্ষেপ

মাজুলী, 10 মে’: যি সময়ত ৰাজ্যত হাজাৰ হাজাৰ শিক্ষিত যুৱক-যুৱতীয়ে সংস্থাপনৰ আশাত বিভিন্ন ঠাইলৈ ঢাপলি মেলিছে, সেই সময়তে মাজুলীৰ এগৰাকী শিক্ষিত মহিলা আন দহজন শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে । মাজুলী দক্ষিণপাটৰ লখিমী শইকীয়া বৰা নামৰ এগৰাকী মহিলাই ঘৰতে ‘আয়ুস মাজুলী’ নামেৰে এটা মিঠা তেলৰ মিল স্থাপন কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন তিনিজন যুৱককো সংস্থাপন দিবলৈ সক্ষম হৈছে ।

মাজুলীৰ এগৰাকী শিক্ষিত মহিলাৰ আদৰণীয় পদক্ষেপ

উল্লেখ্য যে, ‘আয়ুস মাজুলী’ৰ এই মিঠাতেল মাজুলীৰ বিভিন্ন ঠাইত যোগান ধৰাৰ লগতে যোৰহাটৰ বিভিন্ন ঠাইত যোগান ধৰাৰ লগতে পৰৱৰ্তী সময়ত আন আন ঠাইতো যোগান ধৰিব বুলি জানিবলৈ দিছে লখিমী শইকীয়া বৰাই । আনহাতে, মিঠাতেলৰ মিলৰ উপৰিও তেঁও ঘৰত ধানৰ মিল আৰু পিঠাগুৰি মিল স্থাপন কৰি নিজে ধান বনোৱাৰ লগতে পিঠাগুৰিও প্ৰস্তুত কৰে ।

লগতে পঢ়ক : বালিজান আৰু বাচমতীয়া চাহ বাগিচাত প্ৰদান ক’ভিড টীকাকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.