ETV Bharat / state

মাজুলীত সামুহিক পদত্যাগ অগপ কৰ্মীৰ - মাজুলীত অগপ কৰ্মীৰ পদত্যাগ

ৰাজ্যত আৰম্ভ হৈছে অগপ কৰ্মীৰ বিক্ষোভ কাৰ্যসূচী ৷ নিজ দলৰে তৃণমূল কৰ্মীৰ ৰোষত পৰিছে অগপৰ মন্ত্ৰী বিধায়ক ৷ মাজুলীত কেব সন্দৰ্ভত অগপৰ স্থিতিত অসন্তুষ্ট হৈ সামুহিক পদত্যাগ কৰিলে অগপ কৰ্মীয়ে ৷

AGP members resigned in majuli
নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ অগপ কৰ্মীৰ
author img

By

Published : Dec 8, 2019, 11:40 PM IST

মাজুলী , 8 ডিচেম্বৰঃৰাজ্যৰ সকলো প্ৰান্তৰ লগতে মুখ্যমন্ত্ৰীৰ সমষ্টি মজুলীটো পৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূপ প্ৰভাৱ ৷ কেব বিৰোধী আন্দোলনত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ ক্ষেত্ৰত বাধ্য-বাধকতা আৰোপ কৰি শিক্ষামন্ত্ৰীয়ে চাৰ্কুলাৰ জাৰি কৰাৰ পাছদিনাই ৰাজ্য চৰকাৰক অংগুষ্ঠ দেখুৱাই ৰাজপথলৈ ওলাই আহিছিল মাজুলীৰ ছাত্ৰ-ছাত্ৰীসকল ৷ চৰকাৰৰ ফেচিষ্ট শাসনৰ বিৰোধিতা কৰি নিজ সমষ্টিত প্ৰবেশ নিষিদ্ধ কৰাৰ ভাবুকি দিছিল মুখ্যমন্ত্ৰীক ৷ অনুৰূপভাৱে দেওবাৰেও নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসম গণ পৰিষদৰ স্থিতিৰ বিৰুদ্ধ ক্ষোভ উজাৰি সামুহিক পদত্যাগ কৰিলে আঞ্চলিক দলটোৰ বহু সদস্যই ৷

নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ অগপ কৰ্মীৰ
কেন্দ্ৰীয় প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰি সমূহীয়া পদত্যাগ কৰাৰ পাছতেই কেবৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰিলে সদস্য সকলে ৷ সাংবাদিকৰ প্ৰশ্নত তেঁওলোকে জানিবলৈ দিয়ে যে , কেব সন্দৰ্ভত অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ স্থিতিৰ বাবেই তেঁওলোকে গ্ৰহণ কৰিবলৈ বাধ্য হ'ল এই সিদ্ধান্ত ৷

লগতে পঢ়কঃক'লা পতাকাই খেদিছে মুখ্যমন্ত্ৰীক: শ্বহীদ ভৱনৰ সন্মুখত মুখ্যমন্ত্ৰীক আছুৰ ক'লা পতাকা

Intro:Majuli big News

# মুখ্যমন্ত্ৰী সমষ্টিত অসম গণ পৰিষদৰ সামুহিক পদত্যাগ।

# কেবৰ বিৰুদ্ধে থিয় দিলে মাজুলী অসম গণ পৰিষদ।

#কেন্দ্ৰিয় প্ৰতিনিধি বিৰুদ্ধে ক্ষোভ উজাৰি সমূহীয়া পদত্যাগ অসম গণ পৰিষদ অসম যুৱ পৰিষদৰ।

#কেন্দ্ৰীয় নেতৃত্বত সিদ্ধান্ত বাবেই লোৱা হল এই সিদ্ধান্ত ।
Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.