ETV Bharat / state

সামাজিক মাধ্যমত সত্ৰধিকাৰকলৈ বিৰূপ মন্তব্য - সামাজিক মাধ্যমত সত্ৰধিকাৰকলৈ বিৰূপ মন্তব্য

মাজুলীৰ সত্ৰাধিকাৰক লৈ এটা ফেচবুক প'ষ্ট (Controversial Facebook post on Satradhikar) । তাৰপাছতেই সৰৱ মাজুলীৰ সত্ৰাধিকাৰ তথা দল-সংগঠন । লখিপমপুৰৰ নয়নজ্যোতি বৰুৱা নামৰ লোকজনে সামাজিক মাধ্যমত কৰিছিল মাজুলীৰ সত্ৰাধিকাৰৰ বিৰুদ্ধে বিৰূপ মন্তব্য় ।

adverse comments about satradhikar on social media

author img

By

Published : Apr 25, 2022, 9:43 PM IST

মাজুলী,২৫ এপ্ৰিল : লখিমপুৰ জিলাৰ এগৰাকী ব্য়ক্তিয়ে সামাজিক মাধ্যমত মাজুলীৰ সত্ৰাধিকাৰসকলকলৈ কৰা বিৰূপ মন্তব্য়ৰ পাছতেই জাঙুৰ খাই উঠিছে মাজুলীৰ সত্ৰাধিকাৰ তথা দল-সংগঠন (Adverse comments about Satradhikar on social media) । মাজুলী থানাত ৰুজু কৰা হৈছে কেইবাটাও গোচৰ ।

লখিমপুৰ জিলাৰ নয়নজ্যোতি বৰুৱা নামৰ ব্য়ক্তিগৰাকীয়ে অন্য়তম জনপ্ৰিয় সামজিক মাধ্য়ম ফেচবুকত মাজুলীৰ সত্ৰাধিকাৰ সকলৰ বিৰুদ্ধে কৰিছিল বিৰূপ মন্তব্য় (Controversial Facebook post on Satradhikar)। ইয়াৰ পাছতে মাজুলীৰ কেইবাজনো সত্ৰাধিকাৰ, দল-সংগঠন তথা স্থানীয় যুৱকে নয়নজ্যোতি বৰুৱাৰ বিৰুদ্ধে মাজুলী থানাত দাখিল কৰে কেইটাও গোচৰ ।

মাজুলীৰ সত্ৰাধিকাৰকলৈ কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে জাহুৰ খাই উঠিছে সত্ৰাধিকাৰ তথা দল-সংগঠন

মাজুলী থানাত বিশ্ব হিন্দু মহাসংঘ অসমৰ লগতে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ, আধাৰ সত্ৰৰ সত্ৰাধিকাৰ, শ্ৰীশ্ৰী আউনিআটি সত্ৰৰ লগতে মাজুলী যুৱক ধ্ৰুৱ জ্যোতি গোস্বামীয়ে নিজা ববীয়াকৈ গোচৰ ৰুজু কৰে যুৱক জনৰ বিৰুদ্ধে । শীঘ্ৰেই নয়নজ্যোতি বৰুৱাই মাজুলীবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে সত্ৰাধিকাৰ তথা মাজুলীৰ লোকসকলে ।

ইতিমধ্যে মাজুলী থানাই 20/2022 নম্বৰত ভাৰতীয় দণ্ডবিধি আইন মতে 294/500 IPC R/W 67 আইটি এক্ট অনুসৰি গোচৰ ৰুজু কৰিছে । উল্লেখযোগ্য যে, নয়নজ্যোতি বৰুৱাই ফেচবুক পোষ্টটোত ড° পীতাম্বৰ দেৱ গোস্বামীক গুৰু আসনৰ সম্মুখত বহুৱাও বনোৱা ফটো ব্যৱহাৰ কৰি জনমানসত সত্ৰাধিকাৰগৰাকীক হেয় প্ৰতিপন্ন কৰাৰ প্ৰয়াস কৰে । লগতে দক্ষিণপাট সত্ৰাধিকাৰগৰাকীক কটু মন্তব্য কৰিছে নয়ন জ্যোতি বৰুৱা নামৰ যুৱকজনে ।

লগতে পঢ়ক: Jignesh Mevani latest update : আদালতে জামিন প্ৰদান কৰিলে জিগনেশ মেৱানীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.