মাজুলী, 24 ডিচেম্বৰ: বৃহস্পতিবাৰে মাজুলীত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ৷ সাধাৰণ সম্পাদক গৰাকীক খোল-তালৰ ধ্বনিৰে উষ্ম আদৰণি জনালে সংগঠনটোৰ কৰ্মকৰ্তাই ৷ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ শিক্ষাকোষৰ উদ্যোগত মাজুলীৰ আৰ্থিকভাৱে দুৰ্বল মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰী সকলক আৰ্থিক সাহাৰ্য বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে সাধাৰণ সম্পাদক গৰাকীয়ে ৷
অনুষ্ঠানত উপস্থিত থাকি সম্পাদক গৰাকীয়ে আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অনুষ্ঠিত কাৰ্যসূচীটোক যুগান্তকাৰী পদক্ষেপ আখ্যা দিয়ে ৷ লগতে তেওঁ কয় আহি থকা দিনত অসমৰ জনগনৰ মৰম চেনেহ, আশীষ লগত লৈ CAA, বৃহৎ নদীবান্ধকে আদি কৰি অসমৰ অন্যান্য সমস্যাৰ বিৰুদ্ধে মাত মাতি যাব বুলিও মন্তব্য কৰে ৷ আগন্তুক জানুৱাৰী মাহৰ পৰা ব্যাপকভাৱে পুনৰ CAA চলাই নিয়াৰ কথাও সংবাদ মাধ্যমযোগে সদৰী কৰিলে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷
লগতে পঢ়ক: অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচী