ETV Bharat / state

Pegasus সন্দৰ্ভত আছুৰ প্ৰতিক্ৰিয়া - সদৌ অসম ছাত্ৰ-সন্থা

Pegasus ৰ সৰ্ন্দভত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু উপদেষ্টা উদ্দীপজ্যোতি গগৈয়ে কয় যে, এই পেগাছাচ ব্যৱহাৰ কোনে কৰিছে স্থিতি ষ্পষ্ট কৰিব লাগে চৰকাৰে ৷ যদি এই ছফটৱেৰ চৰকাৰে ব্যৱহাৰ কৰিছে তেতিয়াহ’লে ব্যক্তি স্বাধীনতা খৰ্ব কৰিছে ৷

aasu-reacts-to-pegasus-incident
pegasus কাণ্ডৰ সৰ্ন্দভত আছুৰ প্ৰতিক্ৰিয়া প্ৰকাশ
author img

By

Published : Jul 22, 2021, 8:33 PM IST

Updated : Jul 22, 2021, 8:38 PM IST

মাজুলী, 22 জুলাই : ইজৰাইলী চোৰাংচোৱাৰ তথ্য প্ৰযুক্তি পেগাছাচ(pegasus) ব্যৱহাৰ কৰি তিনি শতাধিক ভাৰতীয়ৰ টেলিফোন টেপিং আৰু ই-মেইল হেকিঙক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ আছে ৷ এই সময়তে অসমৰ দুজন চৰ্চিত ব্যক্তিৰ নাম এই তালিকাত থকাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ফোন টেপিঙৰ তালিকাত ভাৰতৰ বহু প্ৰখ্যাত সাংবাদিক, মানৱাধিকাৰ কৰ্মী, ৰাজনীতিক তথা বিশিষ্ট ব্যক্তিৰ নাম সন্নিবিষ্ট হৈছে । এই ফোন টেপিঙৰ তালিকাত সদৌ অসম ছাত্ৰ সন্থা(AASU)ৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য(Samujjal kumar Bhattacharjya) আৰু আলোচনাপন্থী আলফা(ULFA) নেতা অনুপ চেতিয়াৰ নাম থকাৰ কথাও শেহতীয়াকৈ পোহৰলৈ আহিছে ।

The Wire-এ চলোৱা বিশ্লেষণত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ফোন পেগাছাচে টেপ কৰাৰ কথা প্ৰমাণ হৈছে । সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ব্যৱহাৰ কৰা এটা ফোন নম্বৰ টেপ কৰা হৈছিল । ইতিমধ্যে The Wire-এ বিশ্লেষণ কৰা ৩০০ টা ভাৰতীয় ফোন নম্বৰৰ ভিতৰত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ফোন নম্বৰটোও আছে । আছুৰ মুখ্য উপদেষ্টাগৰাকীৰ ফোন নম্বৰটো কেন্দ্ৰীয় গৃহ দপ্তৰে(union home ministry) অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত সমিতি গঠন কৰি দিয়াৰ কেইমাহমান আগৰে পৰা টেপ কৰা হৈছিল বুলি প্ৰমাণ পাইছে The Wire-এ ।

২০১৯ চনৰ ১৬ জুলাইৰ দিনা কেন্দ্ৰীয় গৃহ দপ্তৰে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিয়াৰ কথা ঘোষণা কৰিছিল ।

Pegasus সন্দৰ্ভত আছুৰ প্ৰতিক্ৰিয়া

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক অধ্যক্ষ হিচাপে লৈ উক্ত সমিতিখন গঠন কৰা হৈছিল ৷ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উক্ত সমিতিৰ এগৰাকী সদস্য আছিল । সম্প্ৰতি এই ঘটনাৰ পাচতে মাজুলীলৈ ভ্ৰমণলৈ অহা সদৌ অসম ছাত্ৰ-সন্থাৰ সাধাৰণ সম্পাদক আৰু উপদেষ্টাসহ এটা সঁজাতি দলে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰা দেখা গৈছে ৷

এই ঘটনাৰ সৈতে কেন্দ্ৰীয় চৰকাৰ জড়িত থকা বুলিও সন্দেহ প্ৰকাশ কৰিছে সংগঠনটোৰ নেতৃত্বই ৷ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু উপদেষ্টা উদ্দীপজ্যোতি গগৈয়ে কয় যে, এই পেগাছাচ ব্যৱহাৰ কোনে কৰিছে স্থিতি ষ্পষ্ট কৰিব লাগে চৰকাৰে ৷ যদি এই ছফটৱেৰ চৰকাৰে ব্যৱহাৰ কৰিছে, তেতিয়াহ’লে ব্যক্তি স্বাধীনতা খৰ্ব কৰিছে ৷ যদি চৰকাৰে নজনাকৈ আন কোনোবাই এই ছফটৱেৰ ব্যৱহাৰ কৰিছে, তেন্তে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

লগতে পঢ়কঃ এম বাথাৰ ওভতনি যাত্ৰাত উৎফুল্লিত পত্নী-কন্যা

Last Updated : Jul 22, 2021, 8:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.