ETV Bharat / state

আজিৰে পৰা ভদীয়া নামেৰে মুখৰিত হ’ব মাজুলী

author img

By

Published : Aug 17, 2021, 6:59 PM IST

আজি অৰ্থাৎ মঙলবাৰে আৰম্ভ হ’ল ভদীয়া নাম ৷ তিনি মাহৰ মুৰত মুকলি হ’ল সত্ৰ-নামঘৰৰ দুৱাৰ ৷ খোল-তাল, হৰি নামৰ ধ্বনিৰে মুখৰিত মাজুলী ৷ আজিৰ পৰা চাৰিদিনীয়াকৈ পালন কৰা হৈছে বদলা পদ্ম আতাৰ তিথি ৷

Bhadiya Kirtan starts from today in majuli
আজি পৰা ভদীয়া নামেৰে মুখৰিত হ’ব মাজুলী

মাজুলী,17 আগষ্ট: উৎফুল্লিত আজি মাজুলীবাসী ৷ পুনৰ যেন মাজুলীলৈ ঘৃৰি আহিছে অতিতৰ সেই দিনবোৰ ৷ খোল-তাল, নাম-প্ৰসংগ, গুৰুজনাৰ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে মাজুলীৰ চৌদিশ ৷

মহাপুৰুষ দুজনাৰ স্বৰ্ণিল সংস্কৃতিৰে বৰ্ণিল ঐতিহ্যৰে মুখৰিত হ’ল মাজুলীৰ সত্ৰ নামঘৰ । আজি অৰ্থাৎ মঙলবাৰ হৈছে ভাদ মাহৰ সংক্ৰান্তি । আজিৰ পৰা মাজুলীৰ ৩৫ খন সত্ৰ আৰু তিনি শতাধিক নামঘৰত মাহ যোৰাকৈ ভদীয়া নামৰ কাৰ্যসূচীৰ আৰম্ভণি হৈছে ।

আজি পৰা ভদীয়া নামেৰে মুখৰিত হ’ব মাজুলী

ইফালে পৰম্পৰা ৰক্ষা কৰি নতুন কমলাবাৰী সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ, ভোগপুৰ সত্ৰ, মধ্য মাজুলী, কমলাবাৰী সত্ৰত চাৰিদিনীয়াকৈ আৰম্ভ হৈছে কমলাবাৰী সত্ৰৰ প্ৰতিষ্ঠাপক গুৰু বদলা পদ্ম আতাৰ তিথি ।

সত্ৰীয়া সংস্কৃতিৰ সমগ্ৰ সম্ভাৰ বিশেষকৈ চৈধ্য প্ৰসংগ, গায়ন বায়ন, চালি নৃত্য, জুমুৰা নৃত্য, কীৰ্তন, ওজাপালি, বিহাৰ নৃত্য মাহজুৰি মুখৰিত হৈ থাকিব মাজুলীৰ সত্ৰ-নামঘৰ । ক’ভিড পৰিস্থিতিৰ বাবে বিগত বৰ্ষত তিথি সমূহত কেৱল আনুষ্ঠানিকতাহে পালন কৰিছিল যদিও এইবাৰ চৰকাৰে কিছু ৰেহাই দিয়াত উলহ মালহেৰে মাহ যোৰাকৈ পালন কৰিছে ভদীয়া নাম ।

হৰি ৰাও, হৰি কীৰ্তন, দেৱ বাদ্যৰ ধ্বনিৰে মুখৰিত হৈছে মাজুলীৰ আকাশ বতাহ ।

লগতে পঢ়ক: আজি ভাদ মাহৰ সংক্ৰান্তি : হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ব ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.